অসম

assam

ETV Bharat / state

৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ নলবাৰী জিলা সাহিত্য সভাৰ বিশেষ বঁটা

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত স্থানীয় নাট্য মন্দিৰত ৯ গৰাকী বিশিষ্ট ব্যক্তিক নলবাৰী জিলা সাহিত্য সভাই বিশেষ বঁটা প্ৰদান কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন ৷

By

Published : Nov 3, 2019, 11:39 PM IST

৯ গৰাকী বিশিষ্ট ব্যক্তিক নলবাৰী জিলা সাহিত্য সভাৰ বিশেষ বঁটা প্ৰদান

নলবাৰী, 3 নৱেম্বৰঃ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত স্থানীয় নাট্য মন্দিৰত বিশেষ বঁ‌টা প্ৰদান শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত ৯ গৰাকী বিশিষ্ট ব্যক্তিক নলবাৰী জিলা সাহিত্য সভাই বিশেষ বঁটা প্ৰদান কৰে ।

৯ গৰাকী বিশিষ্ট ব্যক্তিক নলবাৰী জিলা সাহিত্য সভাৰ বিশেষ বঁটা প্ৰদান

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত স্থানীয় নাট্য মন্দিৰত ৯ গৰাকী বিশিষ্ট ব্যক্তিক নলবাৰী জিলা সাহিত্য সভাই বিশেষ বঁটা প্ৰদান কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁ‌টা প্ৰদান সভাখনি উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপসভাপতি ডঃ হেমন্ত কুমাৰ বৰুৱাই । উক্ত অনুষ্ঠানত উপস্থিত থাকে সাহিত্যিক, সাহিত্যাচাৰ্য ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু বিধায়ক পবিন্দ্ৰ ডেকা । অনুষ্ঠানত কথা সাহিত্য বঁটা প্ৰদান কৰা হয় বিশিষ্ট লেখিকা, সাহিত্যিক অৰূপা পটংগীয়া কলিতাক । ঠিক একেদৰে বিহগী কবি বঁটা অনুপমা বসুমতাৰী, নৱদ্বীপ বঁটা ডঃ মালিনী গোস্বামী, স্মৃতি বঁটা অনুভৱ তুলসী, সমাজ হিতৈষী বঁটা গণেশ তামুলী, নাট্য সংস্কৃতি বঁটা ভৱেশ বৰুৱা, আদৰ্শ শিক্ষক বঁটা অক্ষয় কুমাৰ মিশ্ৰ আৰু নবীন গল্পকাৰ বঁটা আকাশ দিপ্ত ঠাকুৰ আৰু দিপালী বৰাক প্ৰদান কৰা হয় ।

ABOUT THE AUTHOR

...view details