অসম

assam

ETV Bharat / state

নলবাৰীত অভাৰচীজ বেংকৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - নলবাৰী

নলবাৰীৰ চ'কবাজাস্থিত 'আশীৰ্বাদ বিবাহ ভৱন' প্ৰাংগণত অভাৰচীজ বেংকৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ এই অনুষ্ঠানত জিলাখনৰ ডেৰ শতাধিক মহিলা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ৷

অভাৰচীজ বেংক
অভাৰচীজ বেংক

By

Published : Feb 11, 2020, 11:19 AM IST

নলবাৰী, 11 ফেব্ৰুৱাৰীঃঅসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু নাবাৰ্ডৰ সহযোগত, নলবাৰীৰ চ'কবাজাস্থিত 'আশীৰ্বাদ বিবাহ ভৱন' প্ৰাংগণত অভাৰচীজ বেংক নলবাৰী শাখাৰ উদ্যোগত, বেংকটোৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ সভাত মহিলা সবলীকৰণ, গ্ৰাম্য উন্নয়ন আৰু জীৱিকা উন্নয়নৰ লগতে সামাজিক সুৰক্ষাৰ ক্ষেত্ৰখনতো আলোকপাত কৰা হয় ৷ বেংকটোৰ প্ৰতিষ্ঠা দিৱসত জিলাখনৰ ডেৰ শতাধিক মহিলা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে ৷ অংশগ্ৰহণকাৰী প্ৰতিটো মহিলা গোটক বেংক কৰ্তৃপক্ষই বিনামূলীয়াকৈ খুলি দিয়ে একাউন্ট ৷

নলবাৰীত অভাৰচীজ বেংকৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

উল্লেখ্য যে, প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিক সভাত বেংকটোৰ মুখ্য ক্ষেত্ৰ প্ৰৱন্ধক সুব্ৰত সৰকাৰ, নাবাৰ্ডৰ বিষয়া দেৱজিত বিশ্বাস আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া চন্দন তালুকদাৰৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক ঃ অসম চুক্তিৰ ৬নং দফা: উচ্চ স্তৰীয় সমিতিৰ অন্তিম বৈঠক

ABOUT THE AUTHOR

...view details