ৰঙিয়া, 25 অক্টোবৰ:35 বছৰ গৰকিলে ৰঙিয়া জিলা কলিতা জনগোষ্ঠী সন্মিলনে ৷ মঙলবাৰে ৰঙিয়াৰ ৰাইজমেল কৃষক শ্বহীদ ভৱনত কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ ৰঙিয়া জিলা সমিতিৰ ৩৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় (35th foundation day of Kalita jonogosthi sanmilan)৷ ৰঙিয়া জিলা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক পবিন কলিতাই পতাকা উত্তোলন কৰি এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷
এই অনুষ্ঠানত কলিতা জনগোষ্ঠীৰ বীৰ শ্বহীদ তথা সংগঠনটোৰ প্ৰয়াত কাৰ্যকৰ্তাসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি চানু কলিতাই ৷ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে কলিতা জনগোষ্ঠী সন্মিলনৰ ৰঙিয়া জিলা মহিলা সমিতি সভানেত্ৰী ৰীণা কলিতা মহন্ত তথা সমূহ কৰ্মকৰ্তাই ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুস্থিত সম্বৰ্দ্ধনা আৰু মুকলি সভাত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি পবিন কলিতাই ৷
সন্মিলনৰ ৰঙিয়া জিলা সমিতিৰ সম্পাদক জয়ন্তজিত কলিতা আৰু সাংগঠনিক সম্পাদক হেমন্ত কলিতাই আঁত ধৰা অনুষ্ঠানটিত সদ্যঘোষিত নীট আৰু লোকসেৱা আয়োগৰ পৰীক্ষাত উৰ্ত্তীণ হৈ ৰঙিয়ালৈ সুনাম কঢ়িয়াই অনা পৰিস্মিতা কলিতা , ধীমান ভাৰ্গৱ আৰু ফিৰদৌছৰ ৰহমানক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷