নলবাৰী, 5 নৱেম্বৰ: ৰাজ্যত ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰতিদিনে অভিযান অব্যাহত ৰখাৰ পিছতো গা ল’ৰা নাই একাংশ অপৰাধীৰ ৷ আৰক্ষীৰ চকুত ধুলি ছটিয়াই প্ৰতিদিনে সৰবৰাহকাৰীয়ে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ চলাই আছে ৷ শনিবাৰে দিন দুপৰতে ৰাজ্যৰ নলবাৰী জিলাৰ মুকালমুৱাত ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে (3 drugs smuggler detained)৷
এক গোপন সূত্ৰৰ পম খেদি আদাবাৰী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰণী দাসৰ নেতৃত্বত ঘোগাত এক অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে ৮ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, এখন নম্বৰ প্লেটবিহীন স্কুটী, তিনিটাকৈ মোবাইল ফোনৰ লগতে নগদ তিনি হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় (Drugs paddler detain in Nalbari)।
ধৃত সৰবৰাহকাৰীকেইটা হৈছে জেহেৰুল হক, আটোৱাৰ হুছেইন, আব্দুৰ ৰহিম ৷ ইয়াৰে জেহেৰুল হকৰ ঘৰ লোহাৰকাঠাত, আটোৱাৰ হুছেইনৰ ঘৰ বালিকুছিত আৰু আব্দুৰ ৰহিমৰ ঘৰ ঘোগাত বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে স্থানীয় লোকে জনোৱা অনুসৰি ড্ৰাগছ সৰবৰাহকাৰী কেইটাই দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ বেহা চলাই আছিল ৷