অসম

assam

ETV Bharat / state

নলবাৰীৰ পিপলীবাৰীত তিনিদিনীয়াকৈ বিহুৰ বৰ্ণাঢ্য আয়োজন - Etv bharat

শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নলবাৰী জিলাৰ টিহুৰ পিপলিবাৰীত আৰম্ভ হয় ৰঙালী বিহুৰ কাৰ্যসূচী৷ বিহু অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰে পৰা পতাকা উত্তোলন,স্মৃতি তৰ্পণ,বৃক্ষ ৰোপণ আদি কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হয় বিভিন্ন খেল ধেমালিৰ অনুষ্ঠান

নলবাৰীৰ পিপলীবাৰীত বিহুৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী

By

Published : Apr 28, 2019, 1:36 AM IST

নলবাৰী, 28 এপ্ৰিলঃ ঢোল-পেপা-গগনাৰ শব্দত মুখৰিত ৰাজ্য। চৌদিশে অব্যাহত আছে ৰঙালী বিহুৰ আনন্দ-উল্লাস ৷ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নলবাৰী জিলাৰ টিহুৰ পিপলিবাৰীত আৰম্ভ হয় ৰঙালী বিহুৰ কাৰ্যসূচী ৷ বিহু অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰে পৰা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষ ৰোপণ আদি কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হয় বিভিন্ন খেল ধেমালীৰ অনুষ্ঠান ৷

নলবাৰীৰ পিপলীবাৰীত বিহুৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী

ইয়াৰ পিছতে উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ৷ শোভাযাত্ৰাত অসমৰ থলুৱা কৃষ্টি-সংস্কৃতি সমূহ প্ৰদৰ্শন কৰা হয় ৷ ইয়াৰ লগতে ৰঙালী বিহুৰ লগত সংগতি ৰাখি আগন্তুক দুদিনে কবিতা আবৃত্তি,সংগীত,আকস্মিক বক্তৃতা,চিত্ৰাংকণ প্ৰতিযোগিতা, কুইজ, ভেশচন, বিহু কুঁৱৰী,মৌ কুঁৱৰী আদি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হ'ব ৷ দেওবাৰে আবেলি মুকলি অধিবেশন আৰু বটাঁ বিতৰণী অনুষ্ঠানৰ পিছতে নিশা অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান ৷ সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেবাটাও আগশাৰীৰ বিহু দলে বিহু-হুচৰি পৰিৱেশন কৰাৰ লগতে আমন্ত্ৰিত শিল্পীয়ে সংগীত পৰিৱেশন কৰিব

ABOUT THE AUTHOR

...view details