অসম

assam

ETV Bharat / state

Miya museum controversy: মহৰ আলী, আব্দুল বাতেন,তনু ধাদুমীয়াক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ - মিঞা মিউজিয়াম

ৰাজ্যত মিঞা মিউজিয়ামক লৈ বিতৰ্ক অব্যাহত আছে (Miya museum controversy)। অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলী(Mohar Ali arrested for Miya museum controversy) আৰু উপ-সভাপতি আব্দুল বাতেন আৰু মিঞা মিউজিয়ামৰ উদ্বোধক তনু ধাদুমিয়াক বুধবাৰে নলবাৰী আদালতত হাজিৰ কৰোৱা হয় ৷

Miya museum controversy
নলবাৰী আদালতত হাজিৰ মহৰ আলী, আব্দুল বাতেন আৰু তনু ধাদুমীয়াক

By

Published : Oct 26, 2022, 6:30 PM IST

Updated : Oct 26, 2022, 9:32 PM IST

নলবাৰী, ২৬ অক্টোবৰ: গোৱালপাৰাৰ লক্ষীপুৰত মিঞা মিউজিয়াম স্থাপন কৰা অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলী(Mohar Ali arrested for Miya museum controversy) আৰু উপ-সভাপতি আব্দুল বাতেন আৰু মিঞা মিউজিয়ামৰ উদ্বোধক তনু ধাদুমিয়াক এদিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰিছে নলবাৰী আদালতে ৷ জেহাদীৰে সম্পৰ্ক থকা সন্দেহত অসম মিঞা পৰিষদৰ বিষয়ববীয়াকেইজনক(Asom Miyan Parishad leaders arrested) মঙলবাৰে আৰক্ষীয়ে আটক কৰিছিল ৷

মহৰ আলী, আব্দুল বাতেন,তনু ধাদুমীয়াক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ

নলবাৰী আৰক্ষীয়ে বুধবাৰে এম মহৰ আলী, আব্দুল বাতেন আৰু তনু ধাদুমিয়াক নলবাৰী অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে আদালতত হাজিৰ কৰাইছিল(Asom Miyan Parishad leaders arrested) ৷ নলবাৰী আৰক্ষীয়ে তিনিওকে সাতদিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে তেওঁলোকক এদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে নলবাৰীৰ আল্লিয়া আৰু তামুলপুৰত গ্ৰেপ্তাৰ হোৱা পাঁচ জেহাদীৰে অসম মিঞা পৰিষদৰ সভাপতি মহৰ আলী, উপ সভাপতি আব্দুল বাতেনৰ যোগসূত্ৰ থকা বুলি ইতিমধ্যে নলবাৰী আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল(Miya museum controversy) ।

নলবাৰীৰ আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথে জনোৱা মতে, নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত আল্লিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা তিনিজন জেহাদী আৰু তামুলপুৰত গ্ৰেপ্তাৰ কৰা দুই জেহাদীৰে তেওঁলোকৰ যোগসূত্ৰ পোৱা গৈছে(Nalbari SP on Miya museum Jihadi link)। তেওঁ উল্লেখ কৰা মতে, মিঞা মিউজিয়ামৰ উদ্বোধক তনু ধাদুমিয়াকো সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰে ।

অসম মিঞা পৰিষদৰ বিষয়ববীয়াকেইজনক (Asom Miyan Parishad leaders arrested)আটক কৰাৰ পাছতেই তেওঁলোকৰ জেৰা অব্যাহত ৰাখে আৰক্ষীয়ে । ইফালে আল্লিয়াত গ্ৰেপ্তাৰ হৈ দহদিনৰ আৰক্ষীৰ জিন্মাত থকা দুই জেহাদী হাবেল আলী আৰু আবু ৰেইহানকো জেৰাৰ বাবে ইতিমধ্যে অনা হৈছে নলবাৰী সদৰ আৰক্ষী থানালৈ ।

উল্লেখ্য যে, সোমবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰত অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীয়ে লাভ কৰা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ চৰকাৰী আৱাসগৃহত মিঞা মিউজিয়ামৰ আনুষ্ঠানিক উদ্বোধন কৰাৰ পিছৰ পৰাই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ (Miya museum controversy)।

লগতে পঢ়ক:Miya museum Jihadi link : জেহাদীৰে যোগসূত্ৰ মিঞা মিউজিয়ামৰ !

Last Updated : Oct 26, 2022, 9:32 PM IST

ABOUT THE AUTHOR

...view details