অসম

assam

By

Published : Aug 14, 2020, 8:05 PM IST

Updated : Aug 14, 2020, 9:23 PM IST

ETV Bharat / state

নলবাৰীত আছুৰ 18 ঘণ্টীয়া অনশন কাৰ্যসূচী

CAA আৰু EIA ২০২০ বাতিলৰ দাবীৰে নলবাৰী জিলা ছাত্ৰ সন্থাই শুকুৰবাৰে দিনৰ 3 বজাৰ পৰা ৰূপায়ণ কৰিলে 18 ঘণ্টীয়া অনশন কাৰ্যসূচী ৷

অনশন কাৰ্যসূচী
অনশন কাৰ্যসূচী

নলবাৰী, 14 আগষ্ট:পুনৰ ৰাজ্যত উকমুকনি দিছে জাতিধ্বংসী অভিহিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে ৷ তাৰ সমান্তৰালকৈ EIA ২০২০ ৰ বিৰুদ্ধেও ৰাজ্যৰ ভিন্ন দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ শুকুৰবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাইয়ো CAA আৰু EIA ২০২০ বাতিলৰ দাবীৰে ৰূপায়ণ কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী ৷ সংগঠনটোৱে ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শুকুৰবাৰে দিনৰ 3 বজাৰ পৰা গ্ৰহণ কৰা এই অনশন কাৰ্যসূচী,স্বাধীনতা দিৱসৰ পুৱা 7 বজালৈ অব্যাহত ৰাখিব ৷ 18 ঘণ্টীয়া কাৰ্যসূচীৰে সংগঠনটোৱে ৰূপায়ণ কৰিছে অনশন কাৰ্যসূচী ৷

নলবাৰীত আছুৰ 18 ঘণ্টীয়া অনশন কাৰ্যসূচী

এসময়ৰ ছাত্ৰনেতা তথা জাতীয় নায়কখ্যাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৰ্তমান অসমৰ খিলঞ্জীয়া লোকৰ পক্ষত নাথাকি দিল্লী আৰু আৰ.এছ.এছৰ হৈ, অসমৰ খিলঞ্জীয়া লোকক নিঃশেষ কৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে ৷ আনহাতে ডিঙিত অসমৰ গামোচা লৈ 16 মে'ৰ পাচত অসমৰ পৰা বিদেশীয়ে টোপোলা বান্ধি গুছি যাব বুলি কোৱা নৰেন্দ্ৰ মোডীক তেওঁলোকে মুকলি প্ৰশ্ন উত্থাপন কৰে যে, সেই 16 মে' কিমান চনৰ তাৰিখ আছিল ? তেওঁলোকৰ সেই প্ৰশ্নৰ স্পষ্ট উত্তৰ বিচাৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে ৷ ডিঙিত গামোচা লৈ কথাৰ ফুলজাৰি মাৰি অসমৰ খিলঞ্জীয়াৰ আৱেগক লৈ খেল খেলি অসমৰ খিলঞ্জীয়াক নিঃশেষ কৰিব পৰা এখন আইন চৰকাৰে জাপিলে বুলিও অভিযোগ উত্থাপন কৰে তেওঁ ৷ সদৌ অসম ছাত্ৰ সন্থাই এনে খিলঞ্জীয়া বিৰোধী পদক্ষেপক কেতিয়াও মানি নলয় বুলি এই অনশনৰ জৰিয়তে সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে ছাত্ৰনেতা হিচাপে এসময়ত দেৱালত অসমৰ বিদেশী সমস্যাৰ সমাধান বিচৰা সৰ্বানন্দ সোণোৱালে,ওলোটাই শাসনভাৰ গ্ৰহণ কৰি অসমক বিদেশীৰ সমস্যা জাপি দিব বিচাৰিছে বুলিও তীব্ৰ সমালোচনা কৰে সভাপতি গুণজ্যোতি পাঠকে ৷ চৰকাৰৰ সিদ্ধান্তক হঠকাৰী আখ্যা দি CAA কেতিয়াও সংগঠনটোৱে মানি নহয় বুলি পুনৰ এবাৰ চৰকাৰক সোঁৱৰাই দিলে ছাত্ৰনেতা সকলে ৷

লগতে পঢ়ক:নলবাৰীত বজৰং দলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Last Updated : Aug 14, 2020, 9:23 PM IST

ABOUT THE AUTHOR

...view details