নলবাৰী, ৭ নৱেম্বৰ : ৰাজ্যত ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ডেংগু ৰোগ (Dengue becoming severe in Assam) । নলবাৰীতো এঘাৰজনকৈ লোকৰ দেহত ধৰা পৰিছে ডেংগু (Dengue in Nalbari) । জিলাখনৰ প্ৰতিটো প্ৰান্ততে ডেংগুৰ সংক্ৰামণত এঘাৰজনকৈ লোক চিকিৎসাধীন হ'বলগা হৈছে । নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত (Mukunda Kakoti Civil Hospital Nalbari) চিকিসাধীন হৈ ইতিমধ্যে কেইবাজনো ডেংগু ৰোগী সুস্থ হোৱাৰ দিশে ।
বৰ্তমান নলবাৰীৰ এঘাৰজনৰ এগৰাকী ডেংগু ৰোগী নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি উল্লেখ কৰে নলবাৰী জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ সুভাষ চন্দ্ৰ শৰ্মাই (Joint Director of Health Nalbari) । সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়া মতে, জিলাখনৰ প্ৰতিটো প্ৰান্ততে ডেংগুৰ প্ৰতি সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । বৰ্তমান নলবাৰীৰ সকলো ডেংগু ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱা বুলিও উল্লেখ কৰে ডাঃ সুভাষ চন্দ্ৰ শৰ্মাই ।
আনহাতে, এখন ব্যক্তিগত হস্পিটেলত বৰ্তমানো চিকিৎসাধীন হৈ থকা লোকজনৰো স্বাস্থ্যৰ অৱস্থা উন্নতি হোৱা বুলি কয় সঞ্চালকগৰাকীয়ে । আনহাতে, নলবাৰী জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰাইজক সজাগ হৈ গৰু, ম'হ, গাহৰি আদিৰ পৰা দূৰত্ব বজাই ৰাখি বিভিন্ন স্বাস্থ্য সচেতনমূলক সজাগতা ব্যক্ত কৰে ।