অসম

assam

জু ৰোড বিস্ফোৰণ : আটকাধীন ইন্দ্ৰমোহনৰ ঘৰত শোকাকুল পৰিৱেশ

By

Published : May 18, 2019, 12:21 PM IST

নগাঁৱৰ ইন্দ্ৰমোহনৰ ঘৰত শোকাকুল পৰিৱেশ ৷ আলফাৰে সম্পৰ্ক ৰক্ষা কৰি অহা ইন্দ্ৰমোহন নগাঁও আৰক্ষীৰ জালত ৷

আটকাধীন ইন্দ্ৰমোহনৰ ঘৰত শোকাকুল পৰিৱেশ

নগাঁও, 18 মে' : জু ৰোডৰ বিস্ফোৰণত জড়িত থকাৰ সন্দেহত নগাঁৱৰ ইন্দ্ৰমোহন বৰাক আৰক্ষীয়ে আটক কৰা পাচতে ইন্দ্ৰমোহনৰ ঘৰত এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিৱেশে ৷ আলফাৰে সম্পৰ্ক ৰক্ষা কৰি অহা নগাঁও আৰক্ষীৰ জালত পৰা ইন্দ্ৰমোহনৰ পিতৃ এগৰাকী সীমান্ত আৰক্ষীৰ বিষয়া । গুৱাহাটী আৰক্ষীৰ জালত পৰা বিস্ফোৰণৰ সৈতে জড়িত থকা জাহ্নৱীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছে ইন্দ্ৰমোহনে । আনহাতে জু ৰোডত বিস্ফোৰণ সংঘটিত হোৱাৰ নিশা ঘৰত নাছিল ইন্দ্ৰমোহন বৰা । নগাঁৱৰ ৰাইডঙীয়াৰ এগৰাকী বন্ধুৰ সৈতে ছোৱালী চাবলৈ যোৱাৰ কথা মাতৃৰ আগত কৈ ঘৰৰ পৰা ওলাই গৈছিল ইন্দ্ৰমোহন । আনকি পত্নীৰ সৈতে কাজিয়া হ'লে প্ৰায়েই আলফাত যোগদানৰ ভাবুকি দিছিল ইন্দ্ৰমোহনে । নগাওঁ আৰক্ষীয়ে আটক কৰা ইন্দ্ৰমোহন মাতৃৰ ভাষ্য, আইনে যি সিদ্ধান্ত লয় সেইয়া মানি ল'ব মাতৃয়ে ৷

আটকাধীন ইন্দ্ৰমোহনৰ ঘৰত শোকাকুল পৰিৱেশ

ABOUT THE AUTHOR

...view details