নগাঁও, 9 মে' : কামপুৰৰ মাজঘিলানীত সোমবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা । কপিলী নৈত গা ধুবলৈ গৈ নৈৰ পকনীয়াত সোমাই কৰুণ মৃত্যুক সাৱটিলে দুই যুৱকে (Two youths died while bathing in Kapili river) ৷ মৃত যুৱক দুজনৰ নাম পাৰভেশ আহমেদ(১৭) আৰু নগাঁৱৰ ডিমৰুগুৰিৰ ফৰিদ আহমেদ(২০) বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, কামপুৰৰ ঘিলানীৰ পাৰভেশৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ফৰিদ আহমেদ নামৰ যুৱকজন । সোমবাৰে দুপৰীয়া যুৱক দুজনে ঘৰৰ পৰা ওলাই গৈ গৰমৰ পৰা সকাহ পাবলৈ গা ধুবলৈ নামি গৈছিল কপিলী নৈত । তেনে সময়তে যুৱক দুজনে গা ধুই থকা অৱস্থাত পকনীয়াত সোমোৱাৰ ফলত সংঘটিত হয় এই অঘটন ।