কলিয়াবৰ, 4 জুলাই :বন বিভাগে পাহাৰত শাল-চেগুণৰ দৰে মূল্যবান কাঠৰ গছপুলি ৰোৱাতকৈ আম, কঁঠাল, ঔটেঙাৰ দৰে ফল-মূলৰ পুলি লগাবলৈ আহ্বান এদল যুৱকৰ ৷ হাতী মানুহৰ সংঘাত(man elephant conflict) ৰোধ কৰিবলৈ আগবাঢ়ি আহিছে একাংশ নৱ-প্ৰজন্ম । হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ লক্ষৰে কলিয়াবৰৰ শিলঘাটৰ বাপু দলনিত যুৱকৰ দলে ৰোপণ কৰিলে কলপুলি আৰু ফল-মূলৰ গছপুলি ৷
পাহাৰত বন বিভাগে মূল্যবান গছ লগোৱাৰ যি কাৰ্য হাতত লৈছিল, সেই কাৰ্যই ৰাজ্যখনক প্ৰকৃতাৰ্থত বিচৰাধৰণে সহায় কৰিব পৰা নাই । শাল, চেগুণৰ দৰে মূল্যবান গছবোৰ চোৰাং কাঠ বেপাৰীৰ সোণৰ কণী পৰা হাঁহলৈহে ৰূপান্তৰিত হৈছে । ফলস্বৰূপে, ৰাজ্যৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত সফল হ'ব পৰা নাই ৰাজ্য চৰকাৰ । উল্লেখ্য যে, মূল্যবান কাঠৰ পৰা বন বিভাগে কৰা ৰাজহ সংগ্ৰহৰ পৰিমাণো নিচেই সামান্য যিহেতু , এনে গছত ফল-মূল নালাগে সেয়ে বন্য জীৱকূলৰো এই গছৰ পৰা কোনো ধৰণৰ লাভ হোৱা নাই ।
মূল্যৱান গছৰ পৰিৱৰ্তে, পাহাৰবোৰত ফলমূলৰ গছ ৰোপন কৰিলে জীৱকূলৰ খাদ্যৰ অভাৱ কিছু হ'লেও দূৰ হ'লহেতেন বুলিও অভিযোগ কৰে শিলঘাটৰ বন্য হস্তীৰ উপদ্ৰৱত জলা-কলা খোৱা ৰাইজে ৷ প্ৰায়েই লুইতপৰীয়া শিলঘাটৰ ৰবৰবাৰী অঞ্চলটো বন্য হাতীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে এই সকল ৰাইজ । গাতে লাগি থকা শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চল(Silghat Kamakhya reserve forest)ৰ পৰা ওলাই অহা বন্য হাতীৰ উপদ্ৰৱৰ সহজ লক্ষ্য হৈ পৰে এই অঞ্চলৰ লোকসকল ।