বটদ্ৰৱা, 4 জুন: যি সময়ত ৰাজ্যত শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে ঠিক তেনে সময়তে নৱ প্ৰজন্মৰ এজন যুৱকে মৎস্য পালন কৰি কৃত্ৰিম প্ৰজননেৰে পোনা উৎপাদন কৰি আশাৰ ৰেঙণি কঢ়িয়াই আনিছে নগাওঁ জিলাৰ বটদ্ৰৱাৰ সমীপৰ বৰালিমাৰিৰ অঞ্চললৈ । যুৱক জনৰ নাম ৰাব্বুল হুছেইন । নিজৰ গাঁঠিৰ ধন খৰচ কৰি এক বিঘা মাতিত সাজি লৈছে মাছৰ পোনা উৎপাদন কৰা বিভিন্ন আহিলা । বিগত কেইবাবছৰ ধৰি মৎস্য উৎপাদন কৰি আহিছে এই উদ্যমী যুৱকজনে । মীন বিভাগৰ পৰা কোনো সা-সুবিধা লাভ নকৰাকৈয়ে যুৱক জনে বছৰি মাছ বিক্ৰী কৰিয়ে লাভ কৰে 6 ৰ পৰা 7 লাখ টকা ।
মৎস্য পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন বটদ্ৰৱাৰ যুৱকৰ - নিবনুৱা
মৎস্য পালনেৰে স্বাৱলম্বী হৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বটদ্ৰৱাৰ এজন শিক্ষিত নিবনুৱা যুৱকে । নৱ প্ৰজন্মৰ এনে নিদৰ্শনক সকলোৰে প্ৰসংশা ৷
মৎস্য পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন বটদ্ৰৱাৰ যুৱকৰ
লগতে পঢ়ক: বীৰ জোৱান নীৰজ চেত্ৰীৰ শেষ কৃত্য সম্পন্ন
শিক্ষিত যুৱকজনে এই মৎস্য উৎপাদন কৰা কামত নিয়োজিত কৰিছে কেইবাটাও পৰিয়ালৰ লোক । উত্তৰ প্ৰদেশৰ পৰা প্ৰশিক্ষণ লৈ বিজ্ঞান ভিত্তিক মাছক কৃত্ৰিম প্ৰজননেৰে বহুগুনে লাভৱান হোৱা দেখা গৈছে এই গৰাকী কৃষকক । এনে গঠনমুলক কৰ্মৰ বাবে এতিয়া বটদ্ৰৱাবাসী ৰাইজৰ প্ৰসংশা পাত্ৰ হৈ পৰিছে ৰাব্বুল ৷