অসম

assam

ETV Bharat / state

হায়দৰাবাদত কলিয়াবৰৰ যুৱকৰ আত্মহত্যা - kaliabor committed suicide at hyderabad

বহি ৰাজ‍্যত আত্মহত্যা কৰা যুৱকৰ মৃতদেহ চোৱাৰ পৰা বঞ্চিত দুৰ্ভগীয়া পৰিয়াল ৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান প্ৰশান্তৰ পিতৃ গোলাপ সূত আৰু মাতৃ দুয়োজনেই বিশেষভাবে সক্ষম ব্যক্তি ৷

youth-of-kaliabor-committed-suicide-at-hyderabad
হায়দৰাবাদত কলিয়াবৰৰ যুৱকৰ আত্মহত্যা

By

Published : Apr 21, 2020, 7:38 PM IST

কলিয়াবৰ 21 এপ্ৰিল :বহি ৰাজ্যত অসমৰ যুৱকৰ সন্দেহজনক মৃত্যু ৷ আত্মহত্যাৰ বিপৰীতে হত্যা কৰি ওলমাই ৰখাৰ অভিযোগ পৰিয়ালৰ। বিগত পাঁচ বছৰ ধৰি হায়দৰাবাদৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল কলিয়াবৰ ভেচেলিমাৰী গাঁৱৰ প্ৰশান্ত সুত নামৰ যুৱকজন ৷ কৰ্মস্থলী হায়দৰাবাদতে আত্মহত্যা কৰা বুলি পোৱা খবৰে পৰিয়ালটোৰ লগতে গাঁওখনত তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি কৰিছে‌ হায়দৰাবাদৰ ভাড়া ঘৰত চিপলৈ থকা অৱস্থাত প্ৰশান্তৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি যোৱা ১৫ এপ্ৰিলৰ দিনা খবৰ লাভ কৰিছিল পৰিয়ালটোৱে। খবৰটোৰ লগতে হায়দৰাবাদৰ আৰক্ষীয়ে প্ৰেৰণ কৰিছিল দুখন ফটো। ফটো দুখন প্ৰত্যক্ষ কৰি পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে প্ৰশান্তক হত্যা কৰা বুলি অভিযোগ কৰিছে ।

হায়দৰাবাদত কলিয়াবৰৰ যুৱকৰ আত্মহত্যা

এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান প্ৰশান্তৰ পিতৃ গোলাপ সূত আৰু মাতৃ দুয়োজনেই বিশেষভাবে সক্ষম ব্যক্তি। লক ডাউন চলি থকা বাবেও পৰিয়ালটো সন্মুখীন হৈছে সমস্যাত স্থানীয় আৰক্ষীৰ জৰিয়তে হায়দৰাবাদ আৰক্ষীৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে পৰিয়ালটোৱে। যোৱা ১৪ এপ্ৰিলৰ নিশা মৃত্যু হোৱা যুৱকজনৰ মৃতদেহ ঘৰলৈ ঘূৰাই অনাৰ কথাটো দুৰৰে কথা মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থাও সম্পূর্ণ কৰিব পৰা নাই এই পৰ্যন্ত‍। প্ৰশান্তৰ মৃত্যুৰ তদন্ত কৰাৰ লগতে প্ৰশান্তৰ মৃতদেহ হায়দৰাবাদতে সৎকাৰ কৰাৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।
লগতে পঢকঃ ধুবুৰীৰ পঞ্চায়তত বিয়াগোম দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details