অসম

assam

ETV Bharat / state

যুৱকক অপহৰণ , হাজিৰা কৰা পিতৃৰ পৰা আঢ়ৈ লাখ টকা দাবী - ইটিভি ভাৰত

অপহৰণ কাৰীয়ে ঘন জংঘলৰ পৰাই তফুজ্জুলৰ পৰিয়াললৈ ফোন কৰি আঢ়ৈ লাখ টকা দাবী কৰে  |   দাবী কৰা ধন তিনিটা বেংক একাউণ্টত জমা দিবলৈ দিয়াৰ লগতে ধন নিদিলে মাৰি পেলোৱাৰ ভাবুকিও দিছিল দুস্কৃতিকাৰীয়ে ।দিন হাজিৰা কৰি খোৱা তফুজ্জুলৰ দেউতাকে টকা যোগাৰ কৰিব নোৱাৰি কচুৱা আৰু নগাঁও সদৰ আৰক্ষী থানাত অপৰাধীৰ বেংক একাউণ্ট ;ফটো আদি তথ্য দি গোচৰ তৰিছিল যদিও আৰক্ষীয়ে কোনো সহায় নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে ।

যুৱকক অপহৰণ

By

Published : May 2, 2019, 10:54 AM IST

নগাঁও , 2 মে' : নগাঁৱৰ কচুৱা গেৰজাই পামত যুৱকক অপহৰণ ৷ অচিনাক্ত ব্যক্তিয়ে ফোন কৰি চাকৰি দিয়াৰ প্ৰলোভনেৰে পশ্চিমবংগৰ মালদালৈ লৈ গৈছিল যুৱক তফুজ্জুল হুচেইনক ৷

চাকৰি দিয়াৰ প্ৰলোভনেৰে যুৱকক অপহৰণ

লগতে পঢ়ক : ৰাজ্যত পুনৰ সোপাধৰাৰ আতংক; বৃদ্ধক গণপ্ৰহাৰ

কিন্তু চাকৰি দিয়াৰ পৰিৱৰ্তে মালদাৰ অচিন জংঘললৈহে লৈ গৈছিল যুৱকজনক | অপহৰণকাৰীয়ে ঘন জংঘলৰ পৰাই তফুজ্জুলৰ পৰিয়াললৈ ফোন কৰি আঢ়ৈ লাখ টকা দাবী কৰে |
দাবী কৰা ধন তিনিটা বেংক একাউণ্টত জমা দিবলৈ দিয়াৰ লগতে ধন নিদিলে মাৰি পেলোৱাৰ ভাবুকিও দিছিল দুস্কৃতিকাৰীয়ে ।দিন হাজিৰা কৰি খোৱা তফুজ্জুলৰ দেউতাকে টকা যোগাৰ কৰিব নোৱাৰি কচুৱা আৰু নগাঁও সদৰ আৰক্ষী থানাত অপৰাধীৰ বেংক একাউণ্ট ;ফটো আদি তথ্য দি গোচৰ তৰিছিল যদিও আৰক্ষীয়ে কোনো সহায় নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে । উপায়বিহীন হৈ গৰু আৰু মাটি বিক্ৰী কৰি ডেৰলাখ টকা দি মুকলি কৰি আনে যুৱকক তফুজ্জুলক |

ABOUT THE AUTHOR

...view details