চামগুৰি, 4 নৱেম্বৰ :নগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিনাম ৷ ভেৰোনীয়া গুণ্ডাই হৃদয় বৰা নামৰ যুৱকক আক্ৰমণ কৰাৰ অভিযোগ ৷ ঘটনা অনুসৰি নগাঁও চহৰৰ কাছমাৰী মৌজাৰ খুটিকটিয়া কিচামতৰত থকা 3 কঠা 11 লেচা ভূমিকলৈ এই সংঘাতৰ সৃষ্টি হয় ৷ যাৰ বাবে শতাধিক লোকে হৃদয় বৰা নামৰ যুৱক জনক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ৷
জানিব পৰা মতে, নগাঁৱৰ মাজমজিয়াত থকা আৰ ডি মটৰচ নামৰ মাৰুতি বাহন ডিলাৰৰ স্বত্বাধিকাৰী বিশাল আগৰৱালা আৰু ৰূপা বৰা নামৰ মহিলা গৰাকীৰ পৰিয়ালৰ সৈতে উক্ত মাটি ডোখৰক লৈ এই সংঘাত ৷ উল্লেখ্য যে, ৰূপা বৰাৰ পৰিয়ালে কানাড়া বেংকৰ পৰা লোৱা ঋণৰ বিনিময়ত খুটিকটিয়া কিচামতৰত থকা 3 কঠা 11 লেচা ভূমি বেংকত মৰ্টগেজ হিচাপে ৰাখিছিল ।
পৰৱৰ্তী সময়ত ৰূপা বৰাৰ পৰিয়ালে ঋণ পৰিশোধ কৰিব নোৱৰাৰ বাবে বেংক কৰ্তৃপক্ষই ঘৰসহ ভূমিখিনি বাজেয়াপ্ত কৰিছিল ৷ বেংক কৰ্তৃপক্ষই উক্ত ভূমিখিনি নিলাম কৰে । বেংকে নিলাম কৰা ভূমি আৰ ডি মটৰচৰ স্বত্বাধিকাৰী বিশাল আগৰৱালাই 3 কোটি 9 লাখ টকাত ক্ৰয় কৰিছিল ।