পাঁচ বছৰত সাংসদ গৌৰৱ গগৈক দেখা নোপোৱাৰ অভিযোগ নগাঁও, 9 এপ্ৰিল :বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ধূপগুৰিত স্থানীয় বিধায়িকাৰ সৈতে ইফটাৰ পাৰ্টীত ভাগ ল’বলৈ গৈ ক্ষোভৰ সন্মুখীন হ'ল কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ । শনিবাৰে বিয়লি গৌৰৱ গগৈয়ে ভাগ লোৱা ইফটাৰ পাৰ্টীৰ পিচতেই বটদ্ৰৱাৰ ধূপগুৰিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ শনিবাৰে বটদ্ৰৱাৰ ধূপগুৰি শ্বাহি জাম্মে মছজিদত ইফটাৰ পাৰ্টীত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে (Tense situation at Dhupguri Jame Mosque Iftar gathering) ।
সাংসদ গৌৰৱ গগৈৰ সন্মুখতে নিজকে কংগ্ৰেছ কৰ্মী বুলি দাবী কৰা এজন যুৱকে উজাৰিলে ক্ষোভ । যাক লৈ কিছু সময় পৰিস্থিতি উত্তপ্ত হৈ পৰে ।মছজিদৰ বাৰাণ্ডাত বিধায়িকাক লগত লৈ ইফটাৰ গ্ৰহণ কৰি ওলাই অহাৰ সময়তে যুৱকৰ ক্ষোভৰ সন্মুখীন হয় সাংসদ গৌৰৱ গগৈ । সাংসদ গৌৰৱ গগৈক পাঁচ বছৰে দেখা নোপোৱাৰ অভিযোগ উত্থাপন কৰি কেমেৰাৰ সন্মুখতে সাংসদগৰাকীক জবাবদিহি কৰে নিজকে কংগ্ৰেছী বুলি দাবী কৰা যুৱকজনে (Tense situation at Iftar gathering) ।
লগতে পঢ়ক :Tense situation during Ifter: ধূপগুৰি জামে মছজিদৰ ইফটাৰ মেহফিলত উত্তপ্ত পৰিস্থিতি
তাৰ পিচতেই সাংসদ গৌৰৱ গগৈৰ একাংশ সমৰ্থকে টনা আজোৰা আৰম্ভ কৰে যুৱকজনক । যুৱকজনে কেমেৰাৰ সন্মুখত অভিযোগ সাংসদগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব বিচাৰিলেই বাধা প্ৰদান কৰে গৌৰৱ গগৈৰ একাংশ সমৰ্থকে । আনকি কেমেৰাৰ সন্মুখতেই যুৱকজনৰ প্ৰতি আক্ৰমনাত্মক হৈ পৰে গৌৰৱ গগৈৰ সমৰ্থক । সাংসদগৰাকীৰ একাংশ সমৰ্থকৰ বাধা স্বত্বেও সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰিলে এই যুৱকজনে ।
বিগত সময়চোৱাত সাংসদ গৌৰৱ গগৈয়ে সমষ্টিটোৰ বাট পথ উন্নয়নত কোনো গুৰুত্ব প্ৰদান কৰা দূৰৈৰ কথা পাঁচ বছৰে সাংসদগৰাকীক সমষ্টিটোৰ উক্ত অঞ্চলত দেখাই নোপোৱাৰ অভিযোগ উত্থাপন কৰে যুৱকজনে ৷ ইপিনে বটদ্ৰৱাত ইফটাৰ পাৰ্টীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ আক্ৰমণৰ লক্ষ্য কৰি লয় সাংসদ গৌৰৱ গগৈয়ে । অৱশ্যে ইফটাৰ পাৰ্টীৰ অন্তত সন্মুখীন হোৱা পৰিস্থিতি সন্দৰ্ভত কোনো মন্তব্যই নকৰিলে গৌৰৱ গগৈয়ে ।
ইপিনে ইফটাৰ পাৰ্টীত অংশগ্ৰহণ কৰাৰ পিচত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে বটদ্ৰৱাত উলিওৱা জোৰ সদমলত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে ।
লগতে পঢ়ক :AGP meeting Nagaon: 2024 ৰ লোকসভা নিৰ্বাচনত নগাঁও বিচাৰিব অগপই !