নগাঁও, 8 এপ্ৰিল :ৰাজ্যত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে হত্যা-হিংসাৰ ঘটনা ৷ প্ৰতিদিনেই নৃশংসতকৈও নৃশংস ঘটনাই দখল কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ শিৰোনাম ৷ এইবাৰ নগাওঁ জিলাৰ কলিয়াবৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (younger brother brutally beat the older brother) ৷
শনিবাৰৰ পুৱতি নিশা সংঘটিত হয় নৃশংস ঘটনাটো । সুৰাপান কৰাৰ বাবেই কনিষ্ঠ ভাতৃয়ে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিলে জ্যেষ্ঠ ভাতৃক ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে, জ্যেষ্ঠ ভাতৃয়ে মদ্যপান কৰি ঘৰত কাজিয়া-পেচাল কৰি সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতিৰ ৷ এই কথাতে বিতুষ্ট হৈ অৰ্থাৎ ঘৰত কাজিয়া কৰাৰ বাবেই নিজ ভাতৃক অতি গুৰুতৰভাৱে আঘাত কৰে জ্যেষ্ঠ ভাতৃয়ে ।
ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিচতে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে যদিও নিজ ভাতৃক আঘাত কৰা লোকজনে আৰক্ষীকো কাপোৰ ফালি অপদস্ত কৰাৰ অভিযোগ তোলে আৰক্ষীয়ে । ঘটনাটো কলিয়াবৰৰ জমখলা গাঁৱত সংঘটিত হৈছে ৷ মিন্টু বৰা নামৰ যুৱকজনে নিজৰেই জ্যেষ্ঠ ভাতৃ গুণমণি বৰাক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি পুৱতি নিশা পথত পেলাই থয় (Younger brother beats older brother at Kaliabor)।