নগাওঁ, 21 জুন : যোগ শব্দটো আহিছে সংস্কৃত শব্দ যুগৰ পৰা যাৰ অৰ্থ হ'ল সংযুক্ত কৰা বা একত্ৰিত কৰা ৷ 'যোগ' সুস্থভাৱে জীয়াই থকাৰ এটি কলা য’ত দেহ, মন, মানুহ আৰু প্ৰকৃতিৰ মাজত সংযোগ স্থাপনৰ চেষ্টা কৰা হয় ৷ ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই 'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস' পালনৰ বাবে ২১ জুন দিনটো ঘোষণা কৰিছিল ৷
সেই উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হয় পঞ্চম সংখ্যক যোগ দিৱস । উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰ ভাগত ৰাইজ ওলাই আহি অংশগ্ৰহণ কৰিলে যোগ শিবিৰত ৷ ৰাজ্যখনৰ সমান্তৰালকৈ সোমবাৰে সমগ্ৰ বিশ্বৰ লগতে নগাঁৱতো উদযাপন কৰা হয় 'যোগ দিৱস' । সেউজ নগাঁও, নগাঁও ছোৱালী মহাবিদ্যালয়, মহাবিদ্যালয় NSS গোট, মহাবিদ্যালয় IQAQ গোট আৰু যোগ শাখাৰ সহযোগত নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুষ্টুপীয়াকৈ উদযাপন কৰে এই 'যোগ দিৱস' ।