অসম

assam

By

Published : Jun 12, 2021, 7:04 PM IST

ETV Bharat / state

এমাহে সন্ধান নোলাল কলিয়াবৰৰ পৰা নিৰুদ্দেশ হোৱা ক'ভিড ৰোগীৰ

কলিয়াবৰৰ মোৱামাৰী ক'ভিড হাস্পতালৰ পৰা নিৰুদ্দেশ হোৱা বিশ্বজিত তাঁতীক আজি প্ৰায় এমাহৰ পাচতো বিচাৰি নোপোৱাত ক্ষোভ প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷ নিৰুদ্দেশ হোৱা বিশ্বজিত তাঁতীক শীঘ্ৰেই বিচাৰি অনাৰ দাবীৰে নগাঁও জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে আটছাই ৷

Missing Covid Patient at Kaliabor
সন্ধানহীন বিশ্বজিত তাঁতীৰ সন্দৰ্ভত জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ আটছাৰ

কলিয়াবৰ, 12 জুন : কলিয়াবৰৰ মোৱামাৰী ক'ভিড হাস্পতালৰ পৰা নিৰুদ্দেশ হৈছিল কলিয়াবৰৰ এগৰাকী ক'ভিড ৰোগী ৷ কেলিডেন চাহ বাগিছাত কৰ্মৰত শ্ৰমিক বিশ্বজিত তাঁতীৰ দেহত ক'ভিড-১৯(COVID-19)ৰ অৱস্থিতি ধৰা পৰাৰ পাচতে কলিয়াবৰৰ মোৱামাৰী ক'ভিড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ পাচতে নিৰুদ্দেশ হৈছিল বিশ্বজিত তাঁতী নামৰ ক'ভিডত আক্ৰান্ত লোকজন ৷

সন্ধানহীন বিশ্বজিত তাঁতীৰ সন্দৰ্ভত জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ আটছাৰ

পৰিয়ালৰ লোকে বিশ্বজিত তাঁতী নিৰুদ্দেশ হোৱা খবৰ পোৱাৰ পাচতেই এই বিষয়ে প্ৰশাসনক অৱগত কৰে । কিন্তু, মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে বিশ্বজিতক বিচাৰি অভিযান চলাই আছে যদিও আজি প্ৰায় এমাহৰ পাচতো বিচাৰি নোপোৱাত ক্ষোভ প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷ ইতিমধ্যে নিৰুদ্দেশ হোৱা বিশ্বজিত তাঁতীক শীঘ্ৰেই বিচাৰি অনাৰ দাবীৰে কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে নগাঁও জিলা উপায়ুক্তলৈ আটছাই স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক: বিশ্ব শ্ৰম বিৰোধী দিৱস 2021: কৰ’ণাৰ সময়ত বৃদ্ধি শিশু শ্ৰমিকৰ সংখ্যা

ABOUT THE AUTHOR

...view details