কলিয়াবৰ,5 মে’ঃবিশ্ব বন্যপ্ৰাণী নিধি অসমৰ কাজিৰঙা গোটে মঙলবাৰে আৰ্তজনক আগবঢ়াই সাহায্য । লক্ ডাউনৰ সময়ছোৱাত সংস্থাটোৱে প্ৰকৃতিসেৱাৰ লগতে জখলাবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 500 পৰিয়াললৈ খাদ্য সামগ্ৰী আগবঢ়ায় ৷ লগতে জৰুৰীকালীন সেৱাৰ লগত জড়িত স্বাস্থ্য বিভাগৰ নিৰ্বাচিত ব্যক্তিৰ মাজতো খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে ।
বিশ্ব বন্যপ্ৰাণী নিধিৰ উদ্যোগত কলিয়াবৰত খাদ্য সামগ্ৰী বিতৰণ - জখলাবন্ধা গাঁও পঞ্চায়ত
কলিয়াবৰত বিশ্ব বন্যপ্ৰাণী নিধি অসমৰ উদ্যোগত মহামাৰী কৰ’ণাৰ বাবে খাদ্য সংকটত পৰা লোকৰ মাজত বিতৰণ কৰা হয় খাদ্য সামগ্ৰী ৷ কলিয়াবৰৰ জখলাবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় 500 পৰিয়ালক প্ৰদান কৰা হয় এই সাহায্য ৷
![বিশ্ব বন্যপ্ৰাণী নিধিৰ উদ্যোগত কলিয়াবৰত খাদ্য সামগ্ৰী বিতৰণ WWF Assam Forwarded Helping Hand to Needy Kaliabar nagaon etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7074737-thumbnail-3x2-a.jpg)
উল্লেখ্য যে, এই সময়ছোৱাত বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলক সাহায্য আগবঢ়োৱা হৈছে ৷ কিন্তু কিছুসংখ্যক আঁচনিৰ পৰা বাদ পৰা পৰিয়ালক কলিয়াবৰ মহকুমা প্ৰশাসন আৰু কলিয়াবৰ প্ৰেছ ক্লাবৰ উদ্যোগত সাহায্য বিতৰণ কৰে সংস্থাটোৱে । উক্ত অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগ, চক্ৰ বিষয়া দ্যুতিভা বৰা, জখলাবন্ধা আৰক্ষী নিৱেশৰ বিষয়া নিপু কলিতা, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি নৃপেন চন্দ্ৰ কেওঁট, বিশ্ব বন্যপ্ৰাণী নিধিৰ সমন্বয়ক ড° প্ৰণৱ বৰা আৰু জখলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী তৃষাৰাণী শইকীয়া আদি ৷
লগতে চাওকঃতেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সাজু জ’নেল কোৱাৰেণ্টাইন কেন্দ্ৰ