নগাঁও,8ফেব্ৰুৱাৰী:নগাঁৱৰ জি ডি হস্পিতালত সোমবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ভুল চিকিৎসাৰ অভিযোগ তুলি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰোগীৰ আত্মীয়ই৷জানিব পৰা মতে,কেইদিনমান পূৰ্বে এটি দেৱশিশু জন্ম দিছিল জাজৰিৰ মমতা দাস নামৰ এগৰাকী মহিলাই ৷ কিন্তু ইয়াৰ পিছতে হঠাৎ মহিলাগৰাকী অসুস্থ হৈ পৰাত মহিলাগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নগাঁৱস্থিত জি ডি নাৰ্ছিং হ’মত ৷ ইপিনে ICUত চিকিৎসাধীন মহিলা গৰাকীক পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিব বিচাৰিছিল যদিও নাৰ্চিং হ'মখনৰ কৰ্তৃপক্ষই নিবলৈ নিদি মহিলাগৰাকীক ভেণ্টিলেশ্যনত ৰাখি থয় ৷
কিন্তু সোমবাৰে মহিলা গৰাকী মৃত্যু হোৱাত উত্তেজিত হৈ পৰে মহিলাগৰাকী আত্মীয় ৷ পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি ৷ পৰিয়ালৰ অভিযোগ একমাত্ৰ ধনৰ লালসাতে জি ডি নাৰ্ছিংহোম কৰ্তৃপক্ষই মহিলাগৰাকীক পৰিকল্পিতভাৱে নগাঁৱত ৰখাৰ লগতে চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি ঘটনাৰ তদন্তৰ দাবী জনায় ৷