কলিয়াবৰ, ১৯ ডিচেম্বৰ :প্ৰায় ১৩৫ কোটি টকাৰ ব্যয়েৰে কলং পুনৰুজ্জীৱিতকৰণৰ বাবে কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখত কলং বোৱতীকৰণৰ প্ৰকল্প গ্ৰহণ কৰিছিল চৰকাৰে । নগাঁও জিলাৰ মাজেৰে বৈ যোৱা কলঙক পুনৰ বোৱতী কৰিবৰ বাবে ২০২০ চনৰ ৩০ অক্টোবৰতে তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই শুভাৰম্ভ কৰিছিল প্ৰকল্পৰ কাম ।
৩ বছৰ এমাহ ২০ দিন পাৰ হ’ল প্ৰকল্পৰ নিৰ্মাণৰ কাম । মঙলবাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই পৰিদৰ্শন কৰে হাতীমূৰাৰ কলংমুখৰ কাম । তেওঁক সংগ দিয়ে মন্ত্ৰী কেশৱ মহন্তই । ইয়াৰ পূৰ্বেও জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ২০২১ বৰ্ষৰ ২৩ মে’ত কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখৰ কাম পৰিদৰ্শন কৰিছিল । কলং কেইবা শতিকাজুৰি মধ্য অসমৰ সামাজিক তথা সাংস্কৃতিক জীৱনৰ দলিলস্বৰূপ ।
৭০ দশকৰ পৰা মৃতপ্ৰায় হোৱা কলঙক পুনৰুজ্জীৱিত কৰাৰ বাবে স্থানীয় ৰাইজে আবেদন কৰি আহিছিল । উল্লেখ্য যে ১৯৬৪ চনতে কলিয়াবৰৰ হাতীমূৰাত বান্ধ দিয়াৰ ফলত মৰাসুঁতিত পৰিণত হৈছিল কলং সুঁতি ৷ এই সুঁতি ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই নগাঁও জিলাৰ মাজেৰে বৈ গৈ পুনৰ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ । ১৯৬৪ চনত নগাঁও নগৰক কলঙৰ বানৰ পৰা ৰক্ষা কৰিবলৈ কলঙৰ মুখত মথাউৰি নিৰ্মাণেৰে এখন জীৱিত নদীক হত্যা কৰা হৈছিল ।