কামপুৰ, 12 জুনঃ নগাঁও জিলাৰ কামপুৰবাসীক ত্রাহি মধুসূদন দেখুৱাইছে কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত কামপুৰ আৰু পশ্চিম কাৰ্বিআংলং সংযোগী গড়কাপ্তানী পথে ৷ প্ৰতিবছৰে অহা বানে পথছোৱাৰ কেবাডোখৰ ঠাই ছিগি নিয়াৰ ফলত এতিয়া জৰাজীৰ্ণ অৱস্থা হৈছে ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো ৷
কামপুৰ পশ্চিম কাৰ্বিআংলং সংযোগী পথে জ্বলা কলা খোৱাইছে সাধাৰণ ৰাইজক - কামপুৰ ৰাজহ চক্ৰ
পথটোৰ দুৰৱস্থাৰ ফলতে সেই পথেৰে যাতায়ত নকৰে স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসে ৷ তৎসত্বেও আজিকোপতি মূল গড়কাপ্তানী পথছোৱা মেৰামতিৰ নিৰ্দেশ দিয়া নাই স্থানীয় বিধায়কগৰাকীয়ে ৷
কামপুৰ পশ্চিম কাৰ্বি আংলং সংযোগী পথ
আনহাতে, স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে,পথটোৰ দুৰৱস্থাৰ ফলতে সেই পথেৰে যাতায়ত নকৰে স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসে ৷ তৎসত্বেও আজিকোপতি মূল গড়কাপ্তানী পথছোৱা মেৰামতিৰ নিৰ্দেশ দিয়া নাই স্থানীয় বিধায়কগৰাকীয়ে ৷ আনহাতে,বহু ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গাত সৃষ্টি হোৱাত যাতায়তৰ সমস্যাত ভুগিছে কপিলীপৰীয়া ৰাইজ । সেয়ে শীঘ্ৰে পথছোৱাৰ মেৰামতিৰ আহ্বান জনাইছে ৰাইজে ৷
লগতে পঢ়কঃডিব্ৰুগড়ত দুধৰ্ষ আলফা সদস্য আটক