আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস কলিয়াবৰ, 29 জুলাই :আজি আন্তৰ্জাতিক বাঘ দিৱস ৷ 2010 চনৰ পৰা বাঘ সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি প্ৰতি বছৰে 29 জুলাই দিনটোক বিশ্ব বাঘ দিৱস হিচাপে পালন কৰি আহিছে ৷ অসমত মুঠ ৪ টা ব্যাঘ্ৰ প্ৰকল্প আছে ৷ 2022 চনত প্ৰকাশ পোৱা এক তথ্য অনুসৰি 2014 চনত অসমত বাঘৰ সংখ্যা আছিল 167 টা ৷ কিন্তু 2019 চনলৈ এই সংখ্যা হয়গৈ 190 টা ৷ বৰ্তমান অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত আছে 52 টাকৈ ঢেঁকীয়াপতিয়া বাঘ ৷
পূৰ্বতকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ বাঘৰ ঘনত্ব চাই বাঘৰ সংখ্যা বেছি হোৱাৰ কাৰণে কাজিৰঙাৰ পৰা বাঘ ওলাই গৈ আন স্থানত বাসস্থান হিচাপে বাছি লৈছে ৷ বিশেষকৈ উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ পৰা কেইবাটাও বাঘ ওলাই আহি হাতীমুৰা পাহাৰ, কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পাহাৰক বাসস্থান হিচাপে বাচি লোৱাও পৰিলক্ষিত হৈছে ৷
চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা প্ৰায় চাৰিমাহ ধৰি এটা ঢেকীয়াপতীয়া বাঘে আশ্ৰয় লৈছিল কলিয়াবৰ চাহ বাগিচাত ৷ কেতিয়াবা চাহ বাগিচাৰ মাজত বিচৰণ, কেতিয়াবা বাগিচাখনৰ মাজৰ এই পথৰ কাষতে জিৰণি লোৱা দৃশ্য প্ৰত্যক্ষ কৰিছিল বহুজনে ৷ বাঘটো চাবলৈ বহুলোকৰ সমাগম ঘটিছিল কলিয়াবৰ চাহ বাগিচাত ৷ বাগিচাৰ শ্ৰমিকক কোনোদিনে আক্ৰমণ নকৰা ঢেঁকীয়াপতিয়া বাঘটোৰ সৈতে যেন সহাৱস্থান কৰিবলৈ শিকিলে বাগিচাৰ শ্ৰমিকসকলেও ৷
কিন্তু বিগত মে’ মাহৰ পৰা বাগিচাত চৰিবলৈ অহা গৰু নিধন কৰা সেই বাঘটোক কোনেও প্ৰত্যক্ষ কৰা নাছিল ৷ হয়তো পুনৰ অন্য বাসস্থানলৈ গ'লগৈ কলিয়াবৰ চাহ বাগিচাত বহুদিন ধৰি অৱস্থান কৰা ঢেঁকীয়াপতিয়া বাঘটো ৷ অৱশ্যে কলিয়াবৰ চাহ বাগিচাৰ দাঁতি কাষৰীয়া সোণাৰী গাঁৱত মাজে সময়ে বাঘে গৰু নিধনৰ খবৰ স্থানীয় লোকে প্ৰকাশ কৰে যদিও বৰ্তমান বাঘটোক স্বচক্ষে কোনেও প্ৰত্যক্ষ কৰা নাই ৷
লগতে পঢ়ক:Muharram 2023: লখিমপুৰত উলহ মালহেৰে মহৰম উদযাপন