কলিয়াবৰ,২০ মাৰ্চ: আকাৰত সৰু হ'লেও ঘৰচিৰিকা চৰায়ে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে । বহু গীতিকাৰ-কবিয়ে গীত, কবিতা ৰচনা কৰিছে ঘৰচিৰিকাক লৈ । কবি নৱকান্ত বৰুৱায়েও ঘৰচিৰিকা চৰাইৰ বিষয়ে বৰ্ণনা কৰি লিখিছিল 'মুখত দুডাল দুবৰিবন দুডাল খৰিকা, মোৰ চোতালত ওমলহি অ' ঘনচিৰিকা' শীৰ্ষক গীতটি । গাঁও-চহৰ সকলোতে ল’ৰালিৰ স্মৃতিৰ সৈতে ঘৰচিৰিকাৰ নানান কাহিনী সকলোৰে জীৱনত থাকে ।
কিন্তু বৰ্ধিত প্ৰদূষণ আৰু গছ-গছনিৰ অভাৱে ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । আজি বিশ্ব ঘৰচিৰিকা দিৱস । প্ৰতি বছৰে ঘৰচিৰিকাৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এই দিৱস পালন কৰা হয় । জাক পাতি থাকি ভালপোৱা সৰু চৰাইবিধ এতিয়া সঘনাই দেখিবলৈও পোৱা নাযায় । খোৱাৰ সময়ত আৰু বাঁহত সাধাৰণতে মাইকী ঘৰচিৰিকাৰ আধিপত্য বেছি থাকে ।