অসম

assam

ETV Bharat / state

অচিৰেই মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ - প্ৰধানমন্ত্ৰী

চলিত বৰ্ষত মুকলি হ'ব বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ । উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷

world-largest-temple-inaugurate-in-nagaon
অচিৰেই মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ

By

Published : Feb 7, 2021, 5:40 PM IST

চামগুৰি, 7 ফেব্ৰুৱাৰী : ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ । এই বৰ্ষতেই নগাঁৱত মুকলি হ'ব বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ । ভক্তৰ বাবে মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মন্দিৰটো উদ্বোধনৰ লগে লগেই বিশ্বৰ বুকুত উজলি উঠিব অসম তথা নগাঁৱৰ নাম ।

দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ 126 ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰটো মুকলি কৰি দিয়া হ'ব এই বৰ্ষতে । নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত ইতিমধ্যে নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে এই মহামৃত্যুঞ্জয় মন্দিৰটোৰ । 2004 চনৰ পৰা বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছিল মন্দিৰৰ।

আয়োজকৰ মন্তব্য

এই বৰ্ষৰ মাঘী পূৰ্ণিমাত অৰ্থাৎ 27 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া 108 কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত হোৱাৰ পিছতেই কোনো এটি শুভ ক্ষণত ভক্তৰ বাবে মুকলি কৰি দিব মন্দিৰৰ দুৱাৰ । যাৰবাবে উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰটো উদ্বোধন কৰিব বুলি ইতিমধ্যে মন্দিৰ পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে ।

লগতে, প্ৰধানমন্ত্ৰীৰ আগমনৰ বাৰ্তা পাই মন্দিৰ কতৃপৰ্ক্ষই দিনে-নিশাই প্ৰস্তুতি অব্যাহত ৰাখিছে । আনহাতে, অনুষ্ঠিত হ'বলগীয়া 108 কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞত 180 জন তামিল পণ্ডিতৰ লগতে সৰ্বমুঠ 400 জন বেদব্যাস পণ্ডিতে অংশগ্ৰহণ কৰিব বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত উদ্ধোধনী কাৰ্যসূচীৰ বাবে এতিয়া প্ৰস্তুতি তুংগত উঠিছে ।আনহাতে, মহামৃত্যুঞ্জয় মন্দিৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ অহাৰ খবৰ বিয়পি পৰাৰ লগে লগে এতিয়া স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীৰ সভাৰ আদৰণি তোৰণত লাগিল জুই

ABOUT THE AUTHOR

...view details