কলিয়াবৰ,18 এপ্ৰিল :আজি বিশ্ব ঐতিহ্য দিৱস ৷ বিশ্বৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ সংৰক্ষণৰ বাবে তথা মানুহৰ মাজত সজাগতা বৃদ্ধিৰ ইউনেস্ক’ই বিশেষ ভাৱে কাম কৰি আহিছে ৷ ইউনেস্ক’ই বিশ্বৰ বিভিন্ন ঐতিহ্যমণ্ডিত ঠাইসমূহৰ এখন তালিকা বনাই সেই ঠাইসমূহৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । এনে ঠাইসমূহ ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ নামেৰে জনপ্ৰিয় ৷ জুলাই 2015 চনলৈকে 1031 খন ঠাইক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইয়াৰ ভিতৰত 802 খন সাংস্কৃতিক, 197 খন প্ৰাকৃতিক আৰু 32খন মিশ্ৰিত ঐতিহ্যক্ষেত্ৰ ৷
ভাৰতত এতিয়ালৈকে 32 খন ঠাইক ইউনেস্ক’ৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে ৷ পোন প্ৰথমবাৰৰ বাবে 1982 চনত এখন আলোচনাচক্ৰত ইণ্টাৰনেচনেল কাউন্সিল অন্ মনুমেণ্টছ্ এণ্ড্ ছাইটচ্ (International Council on Monuments and Sites, ICOMOS) য়ে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰিবৰ বাবে এক প্ৰস্তাৱ হাতত লয় ৷ পাছলৈ এই প্ৰস্তাৱ ইউনেস্ক’ৰ সাধাৰণ সভাত স্বীকৃতি লাভ কৰে । তাৰ পাছৰ পৰাই প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে ৷
প্ৰতি বছৰে পালন কৰি অহা এই ঐতিহ্য দিৱসৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰেও হাতত লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ অসমৰ ঐতিহ্য ক্ষেত্ৰ সমূহৰ লগতে ঐতিহাসিক সমলসমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰিছে অসমৰ ঐতিহ্য (স্পৰ্শনীয়) সুৰক্ষা, সংৰক্ষণ আৰু তদাৰকী অধিনিয়ম আইন 2020 ৷ বিধেয়কখন 2 ছেপ্তেম্বৰত বিধানসভাত গৃহীত হোৱাৰ পাচতে অসমৰ ঐতিহাসিক সত্ৰ, বৌদ্ধ বিহাৰ, স্তূপ, নামঘৰ, মছজিদ, দৰগাহ, গীৰ্জা আৰু অন্যান্য পৰম্পৰাগত সাংস্কৃতিক স্থাপত্য আৰু আহিলা-পাতিক সামৰি লয় ৷
এই আইনৰ জড়িয়তে ৰাজ্যৰ ঐতিহাসিক সমলসমূহৰ সংৰক্ষণত বিভাগে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আহিছে ৷ বিশ্ব ঐতিহ্য দিৱসৰ লগত সংগতি ৰাখি অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ উপ-সঞ্চালিকা ৰঞ্জনা শৰ্মা উপস্থিত হৈছিল কলিয়াবৰত ৷ অঞ্চলটোৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিবলৈ আহি এটি কেৰাহী আকৃতি শিল পৰ্যবেক্ষণ কৰে ৷ শিলটো আহোম যুগৰ নে বৃটিছিৰ শাসন কালৰ সেয়া জানিব পৰা নাই যদিও বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা ইয়াক সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ৷
লগতে পঢ়ক:লজ এঞ্জেলছ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত 4 খনকৈ অসমীয়া ছবি