অসম

assam

World Environment day 2023:বিশ্ব পৰিৱেশ দিৱসত বাটৰ নাট প্ৰদৰ্শন

By

Published : Jun 5, 2023, 6:08 PM IST

নগাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন । বিশ্ব পৰিৱেশ দিৱসত পৰিৱেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন নগাঁও ইণ্টাৰনেশ্যনেল স্কুলৰ (Nagaon International School)। ছেল্ফি উঠাৰ উদ্দেশ্যে গছপুলি ৰোপণ কৰাৰ বিপৰীতে পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে গছপুলি ৰোপণ কৰাৰ আহ্বান ।

Nagaon International School
নগাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন

নগাঁৱত বিশ্ব পৰিৱেশ দিৱস উদযাপন

নগাঁও, ৫ জুন:আজি বিশ্ব পৰিৱেশ দিৱস (World Environment day) ৷ পৰিৱেশ বচাওক শ্লোগানেৰে দেশৰ আন ঠাইৰ লগতে নগাঁৱতো এই দিৱস পালন কৰা হয় । উল্লেখ্য় যে ‘মাত্ৰ এখন পৃথিৱী’ধাৰণাৰে ১৯৭৩ চনৰ পৰা বিশ্ববাসীয়ে ৫ জুনটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰি আহিছে (Only One Earth) ৷ গছ থাকিলেহে মানুহ থাকিব বুলি ৰাইজক সজাগ কৰা হৈছে ৷ কিন্তু এই আহ্বানৰ পিচতো প্ৰকৃতি ধ্বংস কৰি উন্নয়নৰ সভ্যতাৰ জখলাত বগাই মানুহে নিজৰে নজকে ধ্বংস কৰি আহিছে ।

সোমবাৰে নগাঁৱতো বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস (World Environment day celebrated at Nagaon)। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁও ইণ্টাৰনেশ্যনেল স্কুল কৰ্তৃপক্ষয়ো ৰূপায়ণ কৰে এক ব্যতিক্ৰমী কাৰ্যসূচী । এই দিৱসত বাটৰ নাট প্ৰদৰ্শনেৰে পৰিৱেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে নগাঁও ইণ্টাৰনেশ্যনেল স্কুল কৰ্তৃপক্ষই । আজি নগাঁও চহৰৰ মাজমজিয়াৰ মিছন মাৰ্কেটত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত পৰিৱেশ সংৰক্ষণৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।

বাটৰ নাট প্ৰদৰ্শনৰ জৰিয়তে সকলোকে পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে গছপুলি ৰোপণ আৰু লালন পালনৰ আহ্বান জনায় বিদ্যালয় কৰ্তৃপক্ষই । তেওঁলোকে কেবল ছেল্ফি উঠাৰ উদ্দেশ্যে গছপুলি ৰোপণ নকৰি পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে গছপুলি ৰোপণ কৰিবলৈ সকলোকে আহ্বান জনায় । বাটৰ নাটৰ জৰিয়তে লগতে বন ধ্বংস বন্ধ কৰাৰো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে ।

সমগ্ৰ দেশতে উন্নয়নৰ নামত গছ কটাৰ প্ৰভাৱ উঠি অহা প্ৰজন্মৰ ওপৰত যাতে নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব পৰিৱেশ দিৱসৰ নিৰ্দিষ্ট দিনটোৰ দৰে অইন দিনতো গছপুলি ৰোপনৰো আহ্বান জনায় বিদ্যালয় কৰ্তৃপক্ষই । উল্লেখযোগ্য যে,বনজ সম্পদ ধ্বংসৰ ফলতেই ক্ৰমান্বয়ে প্ৰকৃতিৰ ভাৰসাম্য হেৰুওৱা বিষয়টো প্ৰায় সময়তেই বিভিন্ন মহলত চর্চা হৈ আহিছে । কিন্তু ইমানৰ পিচতো পৰিৱেশ সংৰক্ষণৰ প্ৰতি যেন কোনো গুৰুত্বই নাই একাংশৰ মাজত ।

লগতে পঢ়ক:world Environment day: "উন্নয়নৰ নামত গছ-গছনি কাটি পৰিৱেশ নষ্ট নকৰিব"- গ্ৰীণ গুৱাহাটী

ABOUT THE AUTHOR

...view details