অসম

assam

By

Published : Jun 5, 2021, 8:28 PM IST

ETV Bharat / state

বিশ্ব পৰিৱেশ দিৱসত কলিয়াবৰত গছপুলি ৰোপণ

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ কলিয়াবৰৰ বালিবাটৰ ঔদ্যোগিক এলেকাত ৩৫০ টা গছপুলি ৰোপণ কৰে অঞ্চলটোৰ উদ্যোগীসকলে । গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিজ বৰভগীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী পৱিত্ৰা বৰাই ।

environment
বিশ্ব পৰিৱেশ দিৱসত কলিয়াবৰত গছপুলি ৰোপণ

কলিয়াবৰ,৫ জুন : বিশ্বৰ বিভিন্ন প্ৰান্তত শনিবাৰে পালন কৰা হৈছে 'বিশ্ব পৰিৱেশ দিৱস' । বিশ্ব পৰিৱেশ দিৱসৰ (World Environment Day) লগত সংগতি ৰাখি অসমৰো ভিন্ন প্ৰান্তত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূলমন্ত্ৰ হৈছে 'পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰ' ।

বিশ্ব পৰিৱেশ দিৱসত কলিয়াবৰত গছপুলি ৰোপণ

এই মূলমন্ত্ৰ আগত ৰাখি নগাঁও জিলাৰ কলিয়াবৰৰ বালিবাটৰ ঔদ্যোগিক এলেকাত ৩৫০ টা গছপুলি ৰোপণ কৰে অঞ্চলটোৰ উদ্যোগীসকলে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সংযোগী গড়কাপ্তানী পথৰ কাষত দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত ৰোপণ কৰা হয় গছপুলিসমূহ । গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিজ বৰভগীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী পৱিত্ৰা বৰাই ।

লগতে পঢ়ক:নগাঁৱৰ ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details