অসম

assam

ETV Bharat / state

নগাঁৱত বিশ্ব এইডছ দিৱস পালন - এইডছৰ সজাগতা সৃষ্টি

নগাঁৱত বিশ্ব এইডছ দিৱসৰ লগত সংগতি ৰাখি এইডছৰ সজাগতা সৃষ্টিৰ বাবে সজাগতা সমদল ।

নগাঁৱত বিশ্ব এইডছ দিৱস পালন
নগাঁৱত বিশ্ব এইডছ দিৱস পালন

By

Published : Dec 1, 2020, 8:33 PM IST

নগাঁও,1ডিচেম্বৰঃ১ ডিচেম্বৰৰ দিনটোত উদযাপন কৰা হয় বিশ্ব এইডছ দিৱস । তাৰ লগত সংগতি ৰাখি বিশ্ব এইডছ দিৱসটি নগাঁৱতো পালন কৰা হয়। এইডছৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে নগাঁৱত উলিওৱা হয় সজাগতা সমদল । নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা নগাঁও চহৰৰ মাজ মজিয়াৰে উলিওৱা হয় এইডছ সজাগতা সমদল ।

নগাঁৱত বিশ্ব এইডছ দিৱস পালন

নগাঁও স্বাস্থ্য বিভাগৰ সৌজন্যত আটিনশ্যন নামৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠানে উদযাপন কৰে বিশ্ব এইডছ দিৱসটি । এইডছ এতিয়া পূৰ্বৰ দৰে ভয়াৱহ নহয় বুলি উল্লেখ কৰি সজাগতামূলক কাৰ্য্যসূচীৰ জৰিয়তেই এইডছৰ ভয়াবহতা কিছু হ্ৰাস পোৱা বুলি মন্তব্য কৰে স্বাস্থ্য বিষয়া তথা জ্যেষ্ঠ চিকিৎসক ডাঃ ৰঞ্জন গোস্বামীয়ে । উল্লেখযোগ্য যে, এইডছ দিৱসৰ কাৰ্য্যসূচীত জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অতুল পাটৰসহ কেইবাজনো স্বাস্থ্য বিষয়া উপস্থিত থাকে ।

লগতে পঢ়কঃ BTCত আইন ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থাঃ ভাস্কৰজ্যোতি মহন্ত

ABOUT THE AUTHOR

...view details