অসম

assam

By

Published : Jul 23, 2019, 7:37 AM IST

ETV Bharat / state

কলিয়াবৰত শিশু নাট কৰ্মশালা "নাটকৰে ধেমালি"ৰ সফল সামৰণি

5 জুলাইৰ পৰা নগাঁৱৰ কলিয়াবৰস্থিত হাটবৰত আয়োজন হৈছিল "নাটকৰে ধেমালি" শীৰ্ষক পষেকীয়া শিশু নাট কৰ্মশালা ৷ "আখৰাৰ শেষত" নাটেৰে পষেকীয়া শিশু নাট কৰ্মশালাৰ অন্ত পৰে দেওবাৰে নিশা ৷

কলিয়াবৰত শিশু নাট কৰ্মশালা "নাটকৰে ধেমালি"ৰ সফল সামৰণি

কলিয়াবৰত শিশু নাট কৰ্মশালা "নাটকৰে ধেমালি"ৰ সফল সামৰণি

নগাঁও, 23 জুলাই: 5 জুলাইৰ পৰা নগাঁৱৰ কলিয়াবৰস্থিত হাটবৰত আয়োজন হৈছিল "নাটকৰে ধেমালি" শীৰ্ষক পষেকীয়া শিশু নাট কৰ্মশালা ৷ "আখৰাৰ শেষত" নাটেৰে পষেকীয়া শিশু নাট কৰ্মশালাৰ অন্ত পৰে দেওবাৰে নিশা ৷ কৰ্মশালাটিৰ মুঠ ২৯টি শিশুৱে নিজৰ প্ৰতিভাৰ প্ৰমাণ দি দৰ্শক ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হয় ৷ জ‍্যেষ্ঠসকলৰ হাতত ধৰি শিশু নাট কৰ্মশালাৰ শিকাৰুসকলে অভিনয় কৰে নাট‍্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই শিশুসকল বাবে ৰচনা কৰা নাট "আখৰৰ শেষত"। নাটখনিৰ পৰিচালনা কলিয়াবৰৰ প্ৰতিভাৱান নাট‍্যকৰ্মী সঞ্জীৱ শইকীয়া (গগন) আৰু ঝুনাকঙ্কন ভূঞাৰ ৷

শিশুসকলৰ সাৱলীল অভিনয়ে ৫০ মিনিট সময় হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজ ভৱনত উপস্থিত দৰ্শকসকলক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হয় প্ৰশিক্ষাৰ্থীসকল। যোৱা দেওবাৰে অনুষ্ঠিত হোৱা " নাটকৰে ধেমালি" শীৰ্ষক শিশু নাট কৰ্মশালাৰ সামৰণী অনুষ্ঠান বন্তি প্ৰজ্জ্বলনেৰে আনুষ্ঠানিকভাবে শুভ উদ্ধোধন কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতুপন নেওগে।

ABOUT THE AUTHOR

...view details