কলিয়াবৰ,14 মে’: লক্ ডাউনৰ গ্ৰাসত পৰি ক্ৰমাৎ অসুস্থ হৈ পৰিছে বহিঃৰাজ্যত কৰ্মৰত কলিয়াবৰৰ এজন যুৱক ৷ অনাহাৰে-অনিদ্ৰাৰে দিন পাৰ কৰা যুৱকজনে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ তেলেংগানাৰ হায়দৰাবাদত এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল লাইলুৰীৰ ৰঞ্জিত দাস নামৰ বাইশ বছৰীয়া যুৱকজন । লক্ ডাউনৰ পিচৰ পৰা ৰাজ্য়খনত আবদ্ধ যুৱকজনৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাত হায়দৰাবাদৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান স্বাস্থ্যৰ কোনো পৰিৱৰ্তন ঘটা নাই যুৱকজনৰ ৷
তেলেংগানাত আবদ্ধ কলিয়াবৰৰ যুৱক - অৱনতি
হায়দৰাবাদৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত কলিয়াবৰৰ লাইলুৰীৰ ৰঞ্জিত দাস নামৰ যুৱকজন লক্ ডাউনৰ বাবে আবদ্ধ হৈ পৰিছে ৰাজ্যখনত ৷ যুৱকজনৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাত হায়দৰাবাদৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
![তেলেংগানাত আবদ্ধ কলিয়াবৰৰ যুৱক Worker of Kaliabor Troubled in Telengana nagaon Assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7189738-thumbnail-3x2-a.jpg)
তেলেংগানাত আবদ্ধ কলিয়াবৰৰ যুৱক
তেলেংগানাত আবদ্ধ কলিয়াবৰৰ যুৱক
ইতিমধ্যে,যুৱকজনৰ Covid 19 ৰ কৰা পৰীক্ষাত ফলাফল নিগেটিভ অহা বুলি সদৰী কৰে পৰিয়ালৰ লোকে । সম্প্ৰতি আবদ্ধ যুৱকজনক পৰিয়ালৰ লোকে নিজ ঘৰলৈ ঘূৰাই আনিব বিচাৰে যদিও পৰিয়ালৰ আৰ্থিক সংকটৰ বাবে সেয়া সম্ভৱপৰ হৈ উঠা নাই ৷ সেয়ে ৰাজ্য চৰকাৰৰ লগতে সদাশয় ব্যক্তিক এইক্ষেত্ৰত সহায় আগবঢ়াবলৈ কাতৰে অনুৰোধ কৰিছে ৰঞ্জিত দাসৰ পৰিয়ালবৰ্গই ৷
লগতে চাওকঃতিনিদিনলৈ বন্ধ থাকিব ফাচি বজাৰ