বটদ্ৰৱা, 11 ফেব্ৰুৱাৰীঃ সোমবাৰে নগাঁও জিলাৰ বন বিভাগৰ এক সফল অভিযান ৷ ধিঙৰ ডুমডুমীয়াত জব্দ দুটাকৈ চোৰাং কাঠ ফলা মিল ।
জব্দ দুটাকৈ চোৰাং কাঠ ফলা মিল এচিএফ দেবেন কলিতা, ৰেঞ্জাৰ জয়ন্ত গোস্বামী আৰু বন বিষয়া প্ৰভাত বৰাই অতৰ্কিতে অভিযান চলায় জব্দ কৰিবলৈ সক্ষম হয় দীৰ্ঘদিন ধৰি চোৰাং কাঠ ব্যৱসায় চলাই থকা এই দুটা মিল ।
ধিঙৰ ডুমডুমীয়াত বন বিভাগৰ বৃহৎ সাফল্য ডুমডুমীয়াৰ জেঙনি আৰু লাঙিয়া গাৱঁৰ পৰা এই দুটা অবৈধ চোৰাং কাঠফলা মিল জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ আৰু গছৰ কুন্দাও উদ্ধাৰ হয় অভিযানত । অবৈধ কাঠ ফলা মিল দুটাৰ স্বত্বাধিকাৰী জেঙনিৰ ফকৰুল ইছলাম আৰু লাঙিয়াৰ আইজুল হক বুলি জানিব পৰা গৈছে ৷
লগতে চাওক- মেট্ৰিক পৰীক্ষা হলত বায়েকে কৈ গ’ল আৰু লিখি গ’ল ভনিয়েকে..