নগাঁও,8 আগষ্টঃ নগাঁও জিলাৰ বন বিভাগে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ নগাঁও আঞ্চলিক বন সুৰক্ষা বিষয়া শ্বামীম আখতাৰৰ নেতৃত্বত বন বিভাগে বিগত কেইদিনমানৰ ভিতৰত বৃহৎ চোৰাং কাঠৰ লগতে কেবাটাও কাঠ ফলা অবৈধ মিল জব্দ কৰিৱলৈ সক্ষম হৈছে ৷
চোৰাং কাঠৰ বিৰুদ্ধে অব্যাহত নগাঁও বন বিভাগৰ অভিযান - বন বিভাগে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে
নগাঁৱৰ বন বিভাগে মিছাত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় দুই লক্ষাধিক টকাৰ চোৰাং কাঠভৰ্তি এখন ট্ৰাক । অৱশ্য ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

চোৰাং কাঠৰ বিৰুদ্ধে অব্যাহত নগাঁও বন বিভাগৰ অভিযান
চোৰাং কাঠৰ বিৰুদ্ধে অব্যাহত নগাঁও বন বিভাগৰ অভিযান
শুকুৰবাৰে নিশা পুনৰ নগাঁৱৰ মিছাত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় দুই লক্ষাধিক টকাৰ চোৰাং কাঠভৰ্তি এখন ট্ৰাক । উল্লেখযোগ্য যে, কাৰ্বি আংলঙৰ পৰা চোৰাংকৈ সৰবৰাহৰ কৰি অনা কাঠখিনি এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আঞ্চলিক বন সুৰক্ষা বিষয়া শ্বামীম আখতাৰৰ নেতৃত্বত এটা দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে অভিযানৰ সময়তে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰিবলৈ সক্ষম হয় বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে ৷
লগতে পঢ়কঃ গেলেকীত পুনৰ ONGC পাইপ লাইনৰ পৰা নিৰ্গত খাৰুৱা তেল