অসম

assam

ETV Bharat / state

ড্ৰাগছ বিৰোধী অভিযানত ৰণচণ্ডী ৰূপ ধাৰণ মহিলাৰ - জুৰীয়া আৰক্ষী

জুৰীয়া আৰক্ষীক প্ৰত্যাহ্বান জনাই ৰাজপথত মহিলা ৷ ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰিবলৈ নগাঁৱৰ জুৰীয়াত স্বতঃস্ফুৰ্তভাৱে ওলাই আহিল মহিলা । ড্ৰাগছ ব্যৱসায়ীৰ ঘৰৰ পৰা উদ্ধাৰ নিচাজাতীয় দ্ৰব্য ।

womens of juria against drugs nagaon assam etv bharat news
ড্ৰাগছ বিৰোধী অভিযান

By

Published : Oct 18, 2020, 8:04 PM IST

নগাঁও, 18 অক্টোবৰ : নগাঁৱৰ জুৰীয়া আৰক্ষীৰ নীৰৱতাৰ সুযোগ লৈয়েই ড্ৰাগছৰ মুকলি ব্যৱসায় অব্যাহত আছে অঞ্চলটোত । ড্ৰাগছৰ মুকলি বেহাই এতিয়া অতিষ্ঠ কৰি তুলিছে সচেতন লোকক । যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অতিষ্ঠ হৈ দেওবাৰে স্বত:স্ফুৰ্তভাৱে ওলাই আহে বহু মহিলা । আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱায় মহিলাসকলে । অঞ্চলটোৰ ছাইফুল ইছলাম, মাইনুল ইছলাম, জিয়াবুৰ ৰহমান আৰু নজৰুল ইছলাম নামৰ লোককেইজনৰ বিৰুদ্ধে চতিয়ান, জোকাটি আদি অঞ্চলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ মুকলি ব্যৱসায় চলাই থকাৰ স্পষ্ট অভিযোগ উত্থাপন কৰে ৰাইজে ৷

স্থানীয় ৰাইজে অঞ্চলটোত চলি থকা ড্ৰাগছৰ প্ৰচলনৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পিছতো ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত ৰাজপথলৈ ওলাই আহে শতাধিক পুৰুষ-মহিলা । মহিলাসকলে ড্ৰাগছ ব্যৱসায়ী কেইজনৰ বাসগৃহত নিজাববীয়াকৈ অভিযান চলাই উদ্ধাৰ কৰে বহু পৰিমাণৰ কণ্টেইনাৰসহ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট । ৰাইজৰ ৰণচণ্ডী মূৰ্তি দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ড্ৰাগছ ব্যৱসায়ীকেইজন ৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজে উদ্ধাৰ কৰা নিচাযুক্ত সামগ্ৰীসমূহ জব্দ কৰে ।

ড্ৰাগছ বিৰোধী অভিযান

লগতে চাওকঃআছুৰ বাবে নীলকণ্ঠৰ দৰে কাম কৰি যাব সমুজ্জল ভট্টাচাৰ্যই

ABOUT THE AUTHOR

...view details