অসম

assam

কচুৱাত ৰাইজে আটক কৰিলে নাৰী সৰবৰাহকাৰীক

By

Published : Aug 10, 2021, 10:03 PM IST

এইবাৰ কিশোৰী যুৱতীক টাৰ্গেত কৰি লৈছে নাৰী সৰবৰাহকাৰীয়ে ৷ দৰিদ্ৰ পৰিয়ালৰ একাংশ কিশোৰী-যুৱতীক বিয়াৰ প্ৰলোভনৰে নিজৰ জালত পেলাই বহিঃৰাজ্যলৈ সৰবৰাহ কৰে চক্ৰটোৱে ৷ এইবাৰ কিন্তু চক্ৰটোৰ কু-অভিসন্ধি ধৰা পৰিল ৰাইজৰ চকুত ৷ সমগ্ৰ ঘটনাটোৰ বিষয়ে জানিবলৈ হ’ল আপুনি পঢ়িব লাগিব এই সম্পূৰ্ণ প্ৰতিবেদন...

কচুৱাত ৰাইজে আটক কৰিলে নাৰী সৰবৰাহকাৰী
কচুৱাত ৰাইজে আটক কৰিলে নাৰী সৰবৰাহকাৰী

বঢ়মপুৰ, 10 আগষ্ট : কি হৈছে ৰাজ্যত ! প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে নাৰীদেহ ব্যৱসায়ী অথবা নাৰী সৰবৰাহকাৰী ৷ আৰক্ষীয়ে যিমানে নাৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে সিমানেই আৰক্ষীৰ চকুত ধুলি দি একাংশই অব্যাহত ৰাখিছে এই বেহা ৷ এইবাৰ ঘটনাৰ স্থান নগাঁও ৷ নগাঁও জিলাৰ কচুৱাত ৰাইজে আটক কৰিবলৈ সক্ষম হৈছে এগৰাকী মহিলাসহ চাৰি নাৰী সৰবৰাহকাৰীক ৷

ঘটনা অনুসৰি, সুদূৰ ৰাজস্থানৰ পৰা আহি এটা নাৰী সৰবৰাহকাৰী চক্ৰই জাল পেলাইছিল কচুৱাত ৷ জানিবপৰা মতে, ৰাজস্থানৰ মুকেশ কুমাৰ আৰু ৰাকেশ কুমাৰে নগাঁৱৰ ৰামধাৰী দেবী আৰু পূজাৰী ৰাম বাবুৰ সহযোগত কচুৱা পণ্ডিটঘাটৰ এটি দৰিদ্ৰ পৰিয়ালৰ চৈধ্য বছৰীয়া নাবালিকা কিশোৰীগৰাকীক বিয়াৰ প্ৰলোভন দিয়ে ৷

কচুৱাত ৰাইজে আটক কৰিলে নাৰী সৰবৰাহকাৰী

প্ৰথমতে চক্ৰটোৱে যোৱা সপ্তাহত কিশোৰী গৰাকীৰ পিতৃক দহ হাজাৰ টকা বিয়াত খৰচ কৰিবলৈ আগতীয়াকৈ দি গৈছিল ৷ সেই অনুসৰিয়েই বিয়া কৰাৰ বাবে পূজাৰী ৰামবাবু আৰু ৰামধাৰী দেবীক লগত লৈ নকল বেশধাৰী দৰা ৰাজস্থানৰ মুকেশ কুমাৰ আৰু ৰাকেশ কুমাৰ সোমবাৰে কিশোৰী গৰাকীৰ ঘৰত উপস্থিত হয় ৷

ইপিনে চক্ৰটোৰ কু-অভিসন্ধিৰ কিছু উমান পাই কিশোৰীগৰাকীয়ে স্থানীয় লোকক ঘটনাটোৰ বিষয়ে অৱগত কৰি ঘৰৰ কাষৰে এঘৰত আশ্ৰয় লয় ৷ ঘটনাটোৰ বিষয়ে জানিব পাৰি, পণ্ডিটঘাট আৰু শিঙিমাৰীৰ তিনিজন গাঁওৰক্ষী বাহিনীৰ সম্পাদকে ৰাইজৰ সহযোগত চক্ৰটোৰ এগৰাকী মহিলা সদস্যসহ চাৰিজন লোকক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷

ইপিনে সমগ্ৰ ঘটনা সৰ্ন্দভত কচুৱা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে ৷ চক্ৰটোৰ পৰা ইতিমধ্যে আৰক্ষীয়ে কেইবাহাজৰ নগদ ধন, সেন্দুৰৰ টেমা আৰু ফুলৰ মালা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ সম্প্ৰতি এই চক্ৰটোক কচুৱা আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

মন কৰিবলগীয়া যে, এই নাৰী সৰবৰাহকাৰী চক্ৰটোৱে দীৰ্ঘদিনৰ পৰা দৰিদ্ৰ পৰিয়ালৰ কিশোৰী-যুৱতীক বিয়াৰ প্ৰলোভন দি নাৰী দেহ ব্যৱসায়ৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৷ উল্লেখযোগ্য যে, ৰাজ্যত দিনক দিনে অপৰাধজনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷ বিশেষকৈ নাৰীজনিত অপৰাধৰ বৰ্ধিত হাৰে ৰাজ্যৰ সচেতন মহলক চিন্তিত কৰি তুলিছে ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সচেতন মহলে ৷

লগতে পঢ়কঃ খাবলৈ নাপালে ৰন্ধা ভাত : বনভোজকাৰীক পহু খেদা আৰক্ষীৰ

ABOUT THE AUTHOR

...view details