ৰূপহীহাট, 6 মে’:ৰূপহীহাটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ ৰূপহীহাটৰ বৰঘাটত সংঘটিত হৈছে এই ঘটনা । স্বামীগৃহত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ ৷ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ 6 বছৰ পূৰ্বে বৰঘাটৰ বাহাৰুল ইছলাম নামৰ যুৱকজনৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল মহিলাগৰাকী ৷ বিবাহৰ পাচৰে পৰা স্বামী-স্ত্ৰীৰ মাজত চলি আছিল কাজিয়া ৷
মহিলাগৰাকীৰ পিতৃ পৰিয়ালে সন্দেহ কৰা অনুসৰি এয়া এক হত্যাকাণ্ড ৷ আত্মীয়ই প্ৰকাশ কৰা অনুসৰি বুধবাৰে পুৱা মহিলাগৰাকীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছিল তেওঁলোকে ৷ কিন্তু বিয়লি স্বামীগৃহৰ পৰা খবৰ পঠিওৱা হয় যে, চিপ লৈ আত্মহত্যা কৰিছে মহিলাগৰাকীয়ে ৷ এইখবৰ পোৱাৰ লগে লগে মহিলাগৰাকীৰ স্বামীগৃহত উপস্থিত হয় তেওঁৰ ভাতৃসহ আন আত্মীয় ৷ কিন্তু তেওঁলোকে উল্লেখ কৰা অনুসৰি বিচনাত শুৱাই থোৱা হৈছিল মহিলাগৰাকীক ৷