ৰূপহীহাট, 18 জুলাই :ৰাজ্যত এতিয়াও নিঃশেষ হোৱা নাই নাৰী সৰৱৰাহকাৰী চক্ৰ ৷ বিভিন্ন সময়ত বিভিন্ন প্ৰলোভনেৰে ৰাজ্যৰ যুৱতীসকলক বহিঃৰাজ্যলৈ সৰৱৰাহ কৰা এটা দুষ্ট চক্ৰই চলাই আছে নাৰী সৰবৰাহৰ ৰমৰমীয়া বেহা ৷ এইবাৰ এই অভিযোগ তৰিছে ৰূপহীহাটৰ লতাবোৱাবাসীয়ে ৷ যাক কেন্দ্ৰ কৰি শনিবাৰে নিশা ৰূপহীহাটৰ লতাবোৱাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷
অভিযোগ অনুসৰি, বিয়াৰ প্ৰলোভনেৰে লতাবোৱাৰ এগৰাকী যুৱতীক গুজৰাটলৈ নিয়াৰ চেষ্টা চলায় বহিঃৰাজ্যৰ এজন যুৱকে ৷ নাৰী সৰৱৰাহৰ লগত জড়িত থকা অভিযুক্ত গৰাকী কলিৰাম হীৰা বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিবৰণী অনুসৰি, বদন দাধৰা নামৰ ব্যক্তিগৰাকীৰ অজ্ঞাতে তেওঁৰ ডাঙৰ জীয়েকক কলিৰাম হীৰা নামৰ ব্যক্তিগৰাকীয়ে গুজৰাটৰ এজন লোকৰ লগত বিয়া দিয়ে ৷ জোৱায়েক-জীয়েকে কলিৰাম হীৰা নামৰ ব্যক্তিগৰাকীৰ হোটেলত কাম কৰে বুলি জনায় বদন দাধৰাই ৷
বদন দাধৰাৰ জোৱায়েক-জীয়েকৰ আৰ্থিক অৱস্থা বেয়া ৷ তাৰেই সুযোগ লৈ কলিৰাম হীৰা নামৰ ব্যক্তিগৰাকীয়ে গুজৰাটৰ এজন লোকৰ লগত বিয়া দিয়ে বদন দাধৰাৰ জীয়েকক ৷