অসম

assam

ETV Bharat / state

নগাঁৱৰ পৰা চাৰিদিন ধৰি নিৰুদ্দেশ বিবাহিতা মহিলা - নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম পম্পী বৰা

নগাঁৱৰ মাধৱপাৰা চাৰি দিন ধৰি নিৰুদ্দেশ মাধৱপাৰা প্ৰমিলা জাৰণিৰ এগৰাকী বিবাহিতা মহিলা । অপহৰণৰ সন্দেহ পৰিয়ালৰ ।

নগাঁৱৰ পৰা চাৰিদিন ধৰি নিৰুদ্দেশ বিবাহিতা মহিলা
নগাঁৱৰ পৰা চাৰিদিন ধৰি নিৰুদ্দেশ বিবাহিতা মহিলা

By

Published : Dec 2, 2019, 11:53 AM IST

নগাওঁ, 2 ডিচেম্বৰ: নগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ ৰহস্যজনকভাৱে নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত মাধৱপাৰা প্ৰমিলা জাৰণিৰ নিজ বাসগৃহৰ পৰা নিৰুদ্দেশ এগৰাকী বিবাহিতা মহিলা ৷ নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম হৈছেপম্পী বৰা (২৪) ৷

পম্পী বৰা

জানিব পৰা মতে,শুকুৰবাৰে পুৱা স্বামী গৃহৰ পৰা সন্ধানহীন হৈ পম্পী বৰা নামৰ মহিলাগৰাকী । তিনি বছৰীয়া এটি কণ্যা সন্তানৰ মাতৃ পম্পীৰ নিৰুদ্দিষ্ট হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চাৰিদিন ধৰি নিৰুদ্দেশ পম্পী বৰা

উল্লেখযোগ্য যে,পম্পী বৰাৰ স্বামী হৰকান্ত বৰা কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে। পুৱা শুৱাৰ পৰা উঠি শাহু-শহুৱেকে ঘৰত বোৱাৰীয়েকক বিচাৰি নাপাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়‌ । পিচত কচুৱা থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে । কোনো দুষ্ট চক্ৰই অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ যদিহে কোনো লোকে সন্ধানহীন পম্পীৰ সন্ধান লাভ কৰে তেন্তে ওচৰৰ আৰক্ষী থানা অথবা ‘‘7086237037’’, ‘‘8486991703’’, ‘‘9365937475’’ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে ৷

লগতে চাওক-পুনৰ বৃদ্ধি পালে জিঅ', ভোডাফোন–আইডিয়া আৰু এয়াৰটেলৰ চাৰ্জ

ABOUT THE AUTHOR

...view details