অসম

assam

ETV Bharat / state

ৰূপহীহাটত ক'ভিড আক্ৰান্ত হৈ মহিলাৰ মৃত্যু - ক'ভিড-১৯

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰূপহীহাট জুৰীয়াৰ এগৰাকী ক'ভিড আক্ৰান্ত মহিলাৰ মৃত্যু। মৃত্যু হোৱা মহিলা গৰাকী হৈছে জুৰীয়া কলনিজলাহৰ জমিলা খাতুন ৷

ৰূপহীহাটত ক'ভিড আক্ৰান্ত হৈ মহিলাৰ মৃত্যু
ৰূপহীহাটত ক'ভিড আক্ৰান্ত হৈ মহিলাৰ মৃত্যু

By

Published : May 13, 2021, 1:38 PM IST

ৰূপহীহাট,13 মে':সমগ্ৰ ৰাজ্যৰ দৰেই ৰূপহীহাটৰ জুৰীয়াতো ক'ভিড-১৯য়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অঞ্চলটোত বিগত কেইদিনমানৰ ভিতৰতে ক'ভিড সংক্ৰমণৰ হাৰ উৰ্ধগামী হৈ পৰিছে। জুৰীয়াত বুধবাৰৰ দিনটোলৈকে ৬৯ গৰাকী লোক ক'ভিড আক্ৰান্ত হোৱাৰ লগতে বুধবাৰে সন্ধিয়া এগৰাকী আক্ৰান্তৰ মৃত্যু হয় ।

ৰূপহীহাটত ক'ভিড আক্ৰান্ত হৈ মহিলাৰ মৃত্যু

ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলা গৰাকী হৈছে জুৰীয়া কলনিজলাহৰ জমিলা খাতুন (৫০) । মঙলবাৰে মহিলাগৰাকীৰ দেহত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰাৰ পাছতেই নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বুধবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মহিলা গৰাকীৰ ৷

লগতে পঢ়ক:বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি নিয়ম

ABOUT THE AUTHOR

...view details