কলিয়াবৰ, 9 ছেপ্তেম্বৰঃ বন্ধ্যাকৰণৰ পিচতেই শোকাৱহ মৃত্যুক সাৱতি লয় ৰাজ্যৰ এগৰাকী মহিলাই ৷ কলিয়াবৰৰ কেলিডেন চাহ বাগিছাৰ মিছা শাখাৰ মাকডলি মুণ্ডা নামৰ মহিলাগৰাকীৰ বন্ধ্যাকৰণ সম্পন্ন হৈছিল জখলাবন্ধা গ্ৰাম্য চিকিৎসালয়ত ৷
বন্ধ্য়াকৰণৰ পিচতেই মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু মহিলাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷
অৱশেষত চিকিৎসাধীন অৱস্থাতে মহিলাগৰাকীৰ মৃত্যু ঘটে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ প্ৰণীতা ঠাকুৰীয়াই মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ সংক্ৰমণ বুলি মৃত্যুৰ প্ৰমাণ পত্ৰত লিখি দিয়ে ৷
ভূল চিকিৎসাৰ বশৱৰ্তী হৈ মৃত্যু এগৰাকী মহিলাৰ জখলাবন্ধা চিকিৎসালয়ত ভূল চিকিৎসা হোৱাৰ বাবেই মহিলাগৰাকীয়ে অকাল মৃত্যুক সাৱতি লয় বুলি প্ৰকাশ কৰিছে বাগিছাৰ শ্ৰমিকসকলে ৷ আনহাতে বাগিছাখনৰ অন্যান্য 20 গৰাকী মহিলাৰো বন্ধ্যাকৰণ সম্পন্ন হৈছিল জখলাবন্ধা চিকিৎসালয়তে ৷ এতিয়া এইসকল মহিলায়ো শংকা আৰু ভয়ত দিন পাৰ কৰিছে ৷ আসোৱাঁহপূৰ্ণ অস্ত্ৰোপচাৰ কৰা জখলাবন্ধা চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই ৷