অসম

assam

ETV Bharat / state

এন আৰ চি কেন্দ্ৰত মহিলাৰ মৃত্যু

কলিয়াবৰৰ এন আৰ চি কেন্দ্ৰলৈ শুনানিৰ বাবে গৈছিল বকোৰ ৰেজিয়া খাতুন ৷ প্ৰচণ্ড গৰমৰ বাবেই এন আৰ চি কেন্দ্ৰতে ঢলি পৰে মহিলাগৰাকী

এন আৰ চি কেন্দ্ৰত মহিলাৰ মৃত্যু

By

Published : Aug 5, 2019, 5:18 PM IST

কলিয়াবৰ, 5 আগষ্ট : কলিয়াবৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ শুনানিলৈ আহি মৃত্যুক সাৱটিলে এগৰাকী মহিলাই ৷ মৃত মহিলা গৰাকীৰ নাম ৰেজিয়া খাতুন ৷ বকোৰ ঝাওকাটা-দিয়া গাঁৱৰ পৰা কলিয়াবৰৰ নলতলিৰ এন আৰ চি কেন্দ্ৰৰ শুনানিত সোমবাৰে উপস্থিত হৈছিল মহিলাগৰাকী । এন আৰ চি কেন্দ্ৰত প্ৰথমে ঢলি পৰে মহিলাগৰাকী । ঘটনাস্থলীত আমছুৰ সদস্য উপস্থিত হৈ মূমুৰ্ষ অৱস্থাত মহিলাগৰাকীক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

এন আৰ চি কেন্দ্ৰত মহিলাৰ মৃত্যু

ABOUT THE AUTHOR

...view details