অসম

assam

Tit For Tat: বোৱাৰীক ধৰ্ষণ কৰিবলৈ আহি হেৰুৱালে গুপ্তাংগ

By

Published : Mar 2, 2023, 8:06 PM IST

স্বামী ঘৰত নথকাৰ সুযোগ লৈ ভাগিন বোৱাৰীক ধৰ্ষণ কৰিবলৈ আহিছিল মামা শহুৰ ৷ সতীত্ব ৰক্ষা কৰিবলৈ গৈ মহিলাই লিংগচ্ছেদ কৰিলে মামা শহুৰেকৰ(Woman cut private part of rape accused) ৷

Woman cut private part of rape accused in Nagaon
বোৱাৰীক ধৰ্ষণ কৰিবলৈ আহি হেৰুৱালে গুপ্তাংগ

বোৱাৰীক ধৰ্ষণ কৰিবলৈ আহি হেৰুৱালে গুপ্তাংগ

নগাঁও, 2 মাৰ্চ:নগাঁৱত বটদ্ৰৱাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Attempt to rape case in Nagaon) ৷ সতীত্ব ৰক্ষা কৰিবলৈ গৈ মহিলাই কৰিলে দুঃসাহসিক কাৰ্য ৷ অসৎ চৰিতাৰ্থ পূৰ কৰাৰ চেষ্টা কৰা মামা শহুৰেকৰ লিংগচ্ছেদ কৰিলে ভাগিন বোৱাৰীয়েকে (Attempt to rape daughter in law)।

ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে নিশা নগাঁও জিলাৰ কদমণি পথাৰ গাঁৱত এগৰাকী মহিলাই নিজ সন্তানক লৈ শুই থকা অৱস্থাতেই মহিলাগৰাকীৰ মামা শহুৰেকে তেওঁলোকৰ বিচনাৰ তলত সোমাই থাকে ৷ নিশা মহিলাগৰাকী নিদ্ৰাৰত অৱস্থাত মামা শহুৰেকে বিচনাৰ তলৰ পৰা ওলাই মহিলাগৰাকীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে (Woman cut private part of rape accused) ৷ হাতত চোকা অস্ত্ৰ অস্ত্ৰ লৈ মহিলাগৰাকীক কাপোৰেৰে মুখ বান্ধি যৌন নিৰ্যাতন চলাবলৈ লওঁতেই মহিলাগৰাকীয়ে তুলীৰ তলত থকা ব্লেড এখন উলিয়াই মামা শহুৰেকৰ গুপ্তাংগটো কাটি পেলায় (Woman cut private part of rape accused in Nagaon) ৷

লগতে পঢ়ক:BJP leader raped Girlfriend: প্ৰেমিকাক ধৰ্ষণ কৰি পলাতক বিজেপি নেতা

ভাগিন বোৱাৰীৰ এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় মামা শহুৰেক ৷ লম্পট মামা শহুৰেকটোক নুৰ হুচেইন বুলি জানিবলৈ দিয়ে ভুক্তভোগী মহিলগৰাকীয়ে ৷ এই ভয়ংকৰ ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সম্প্ৰতি লম্পট নুৰ হুছেইন গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে (Noor Hussain Heavily injured)।

এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে বটদ্ৰৱা আৰক্ষী থানাত (Batadrava Police station) এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য় যে, মহিলাগৰাকীৰ স্বামীয়ে কৰ্মসূত্ৰে বহিঃৰাজ্যত বাস কৰে ৷ মহিলাগৰাকীৰ স্বামীয়ে বহিঃৰাজ্যত থকাৰ সুযোগ লৈ মামা শহুৰেকে এই জঘন্য ঘটনা সংঘটিত কৰিবলৈ চেষ্টা কৰা বুলি আত্মীয়ই সন্দেহ প্ৰকাশ কৰিছে ৷

উল্লেখযোগ্য যে, ভিতৰুৱা গাঁৱৰ অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ বহু লোক পেটৰ তাড়নাত বহিঃৰাজ্যলৈ যোৱাৰ সুযোগ লৈ একাংশ লম্পটে এনে ঘটনা সংঘটিত কৰাৰ ঘটনা প্ৰায়েই দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক:Baksha Murder case: পত্নী আৰু খুলশালীয়েকে হত্যা কৰি কবৰস্থ কৰিলে লালচানক

ABOUT THE AUTHOR

...view details