অসম

assam

ETV Bharat / state

নগাঁৱত জীৱন্তে জ্বলিল বোৱাৰী

নগাঁৱৰ নগাবন্ধাত জঘন্য ঘটনা । স্বামীৰ বিৰুদ্ধে পত্নীক জ্বলাই দিয়াৰ অভিযোগ । পিতৃ গৃহৰ পৰা স্বামীৰ পৰিয়ালে দাবী কৰা ধন আনিবলৈ অমান্তি হোৱাৰ বাবেই জ্বলাই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

woman burnt
woman burnt

By

Published : Oct 31, 2020, 10:43 PM IST

Updated : Oct 31, 2020, 10:59 PM IST

চামগুৰি, 31 অক্টোবৰ :নগাঁৱৰজুৰীয়াত চাঞ্চল্যকৰ ঘটনা । যৌতুকৰ বাবেই পত্নীক কেৰাচিন ঢালি জ্বলাই দিয়াৰ অভিযোগ স্বামীৰ লগতে পৰিয়ালৰ লোকৰ বিৰুদ্ধে । জুৰীয়াৰ নগাবন্ধাত সংঘটিত হৈছে এই ঘটনা। পিতৃ গৃহৰ পৰা স্বামীৰ পৰিয়ালে দাবী কৰা ধন আনিবলৈ অমান্তি হোৱাৰ বাবেই জ্বলাই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । তিনিবছৰৰ পূৰ্বে শিঙাৰী গাঁৱৰ মহিলা গৰাকী বিবাহপাশত আবদ্ধ হৈছিল নগাবন্ধা গাঁৱৰ আতাবুৰ ৰহমানৰ সৈতে । বিবাহৰ পিছৰ পৰাই স্বামীৰ পৰিয়ালে যৌতুক বিছাৰি মহিলাগৰাকীক অকথ্য নিৰ্যাতন চলাই অহাৰো অভিযোগ উত্থাপন হৈছে ।

অভিযুক্ত স্বামী

কিন্তু স্বামীৰ পৰিয়ালৰ নিৰ্যাতন মাজতো দাবী কৰা ধন আনিবলৈ অমান্তি হৈছিল মহিলা গৰাকী । তাৰেই পৰিণতিত স্বামী ,শাহুৱেক আৰু দেওৰেকে মিলি কেৰাচিন তেল ঢালি মহিলাগৰাকীক জ্বলাই দিয়াৰ অভিযোগ উঠিছে । দেহৰ ৮০শতাংশ দগ্ধ হোৱা মহিলা গৰাকী বৰ্তমান জি এম চি এইচত মৃত্যুৰ সৈতে যুঁজি আছে । অগ্নিদগ্ধ মহিলা গৰাকীৰ পৰিয়ালে ঘটনা সংক্ৰান্তত স্বামী,শাহু সহ মুঠ পাচঁ জনৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত গোচৰ তৰিছে । আৰক্ষীয়ে ইতিমধ্যে মহিলা গৰাকীৰ স্বামী আতাবুৰক আটক কৰিছে ।

লগতে পঢ়ক :বিটিআৰ চুক্তি সংশোধন নহ’লে বড়ো-অবড়োৰ সংঘাত হ’ব : হাগ্ৰামা

Last Updated : Oct 31, 2020, 10:59 PM IST

ABOUT THE AUTHOR

...view details