অসম

assam

By

Published : Aug 30, 2020, 4:42 AM IST

ETV Bharat / state

কলিয়াবৰত নতুন ৰূপত থিয় দিয়াৰ অংগীকাৰ কংগ্ৰেছৰ

যোৱা বিধান সভাৰ নিৰ্বাচনসমূহত বিভিন্ন দলীয় অন্তঃকন্দলেৰে বিৰোধী প্ৰাৰ্থীক বাট প্ৰশস্ত কৰি দিয়া বুলি চৰ্চিত কলিয়াবৰ কংগ্ৰেছে সেই অপবাদৰ পৰা মুক্ত হোৱাৰ পৰিকল্পনা হাতত লৈছে । কলিয়াবৰ বিধান সভা সমষ্টিত বিভিন্ন দলীয় খাম-খেয়ালীৰ বাবে যোৱা পাঁচটা বিধান সভা নিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পিছত যেন এইবেলি কলিয়াবৰ কংগ্ৰেছে পঁচিশ বছৰীয়া অপবাদৰ অৱসানৰ বাবে মাৰ বান্ধি ঠিয় হ’বলৈ অংগীকাৰবদ্ধ হৈছে ।

কলিয়াবৰ বিধান সভা সমষ্টি
kaliabor congress

কলিয়াবৰ, 29 আগষ্ট : এইবেলি কলিয়াবৰ কংগ্ৰেছ এক ব‍্যতিক্ৰমী ৰূপত অৱতীৰ্ণ হ'ব কলিয়াবৰ কংগ্ৰেছ । শনিবাৰে কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱনত অনুষ্ঠিত হোৱা এক মত-বিনময় অনুষ্ঠানত এনে এক যোগাত্মক সংকল্প গ্ৰহণ কৰে দেশৰ পুৰণি ৰাজনৈতিক দল ভাৰতীয় জাতীয় জাতীয় কংগ্ৰেছৰ কলিয়াবৰৰ দুই ব্লক কংগ্ৰেছ কমিটিয়ে । যোৱা বিধান সভাৰ নিৰ্বাচনসমূহত বিভিন্ন দলীয় অন্তঃকন্দলেৰে বিৰোধী প্ৰাৰ্থীক বাট প্ৰশস্ত কৰি দিয়া বুলি চৰ্চিত কলিয়াবৰ কংগ্ৰেছে সেই অপবাদৰ পৰা মুক্ত হোৱাৰ পৰিকল্পনা হাতত লৈছে । কলিয়াবৰ বিধান সভা সমষ্টিত বিভিন্ন দলীয় খাম-খেয়ালীৰ বাবে যোৱা পাঁচটা বিধান সভা নিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পিছত যেন এইবেলি কলিয়াবৰ কংগ্ৰেছে পঁচিশ বছৰীয়া অপবাদৰ অৱসানৰ বাবে মাৰ বান্ধি ঠিয় হ’বলৈ অংগীকাৰবদ্ধ হৈছে । কলিয়াবৰত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সমস‍্যা উদ্ভৱ হ'ব পৰা কোনো পৰিস্থিতি যাতে নহয় তাৰ বাবেও সতৰ্কতাৰে দলীয় নেতা-কৰ্মী অগ্ৰসৰ হ'ব ।

কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটিৰ সৌজন্যত "সাংবাদিক সকলৰ লগত মতবিনিময় আৰু সম্বৰ্ধনা অনুষ্ঠান"ত এই অংগীকাৰ কৰে দলীয় নেতা-কৰ্মী সকলে ৷ দলৰ মাজত থকা মত পাৰ্থক‍্যসমূহ সমাধান কৰি গণতান্ত্ৰিক দেশ এখনত বিৰোধীৰ ভূমিকা সবলভাৱে পালনৰ বাবে কলিয়াবৰৰ সংবাদকৰ্মীসকলে আগবঢ়োৱা মতক আন্তৰিকতাৰে গ্ৰহণ কৰি একত্ৰিতভাবে আগন্তুক বিধান সভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি দৃঢ়তাৰে ঘোষণা কৰে ।

কলিয়াবৰত নতুন ৰূপত থিয় দিয়াৰ অংগীকাৰ কংগ্ৰেছৰ

শনিবাৰে কলিয়াবৰ তিনিআলিস্থিত গৌৰী ভৱন প্ৰাংগণত কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটিয়ে কলিয়াবৰৰ সাংবাদিক সকলক ক’ভিড যোদ্ধাৰ লগতে সমাজৰ হকে বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই যোৱাৰ বাবে কলিয়াবৰৰ সাংবাদিক সকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰে ।

মত-বিনিময় তথা সম্বৰ্দ্ধনা অনুষ্ঠানত কলিয়াবৰ প্ৰেছ ক্লাৱৰ সভাপতি নৃপেন কেঁওট, উপ-সভাপতি তৰুণ মুক্তিয়াৰ, সম্পাদক কিশোৰী কুমাৰ ডেকা, জ‍্যেষ্ঠ সাংবাদিক অমূল‍্য বৰা, গোলাপ শইকীয়া, গৌতম বৰা, প্ৰদীপ লস্কৰ প্ৰমূখ‍্যে বাতৰি কাকত তথা বৈদ‍্যুতিন মাধ‍্যমৰ কৰ্মীসকলে কলিয়াবৰত বিৰোধী দলৰ সবল ভূমিকা ল'ব পৰাকৈ দলটোৰ খুটি-নাতিসমূহ উল্লেখ কৰাৰ লগতে উত্তৰণত সহায় হ'ব পৰা বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।

এই পৰামৰ্শসমূহ আন্তৰিকতাৰে গ্ৰহণ কৰি কলিয়াবৰত কংগ্ৰেছ দলে অনাগত দিনসমূহত কলিয়াবৰৰয়বৰৰ ৰাইজৰ কাষ চাপিব বুলি মত পোষণ কৰে । সভাত কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিদ্বয় ক্ৰমে যতীন বৰা আৰু শৈলেশ দাস, অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সম্পাদক মেঘনাথ ছেত্ৰী তথা জ‍্যেষ্ঠ‍ নেতা প্ৰশান্ত শইকীয়া, প্ৰদীপ বৰুৱা, সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰ, বিন্দু গঞ্জু, কলিয়াবৰ যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি ইমৰাণ হুছেইন, উপ-সভাপতি পিংকু শইকীয়া, কলিয়াবৰ মহিলা কংগ্ৰেছৰ নেত্ৰী নাজনীন চুলতানা ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংগঠনৰ সম্পাদক পিংকু কলিতাকে ধৰি অনান‍্য নেতা কৰ্মী উপস্থিত থাকে।

লগতে পঢ়ক :ন্যায়ালয়ৰ নিৰ্দেশ নমনা অগপ নেতৃত্বৰ বিৰুদ্ধে গোচৰীয়া পক্ষৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details