অসম

assam

By

Published : Nov 15, 2020, 6:19 PM IST

ETV Bharat / state

নগাঁৱত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত চাৰিজন

ব্যক্তিকেইজনে পথাৰত কাম কৰি থাকোতেই আক্ৰমণ কৰে বনৰীয়া গাহৰিটোৱে ৷ ইয়াৰে মৰজিনা খাতুন নামৰ কিশোৰী গৰাকীৰ অৱস্থা সংকটজনক ।

wild pig attacked village people
নগাঁৱত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত চাৰিজন

নগাঁও, 15 নৱেম্বৰ : নগাঁও জুৰীয়াৰ গুলিৰপাৰ চৰত দেওবাৰে বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় চাৰিজন লোক ৷ আহত লোককেইজন ক্ৰমে মৰজিনা বেগম ( 10), শাহ আলী (55), চুলতানা বেগম (৫) আৰু শমৰ জান (৪০) ।

নগাঁৱত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত চাৰিজন

উল্লেখ্য যে, দেওবাৰে লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই আহিছিল প্ৰকাণ্ড গাহৰিটো | ব্যক্তিকেইজনে পথাৰত কাম কৰি থাকোতেই আক্ৰমণ কৰে বনৰীয়া গাহৰিটোৱে ৷ আহত ব্যক্তিকেইজনক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ ইয়াৰে মৰজিনা খাতুন নামৰ কিশোৰীগৰাকীৰ অৱস্থা সংকটজনক । মৰজিনাক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: এক জঘন্য ঘটনাৰ পৰা ৰক্ষা পৰিল শিৱসাগৰৰ পাঁচ শিশু

ABOUT THE AUTHOR

...view details