অসম

assam

ETV Bharat / state

কলিয়াবৰত বন‍ গাহৰিৰ সন্ত্ৰাস - kaliabor

অঞ্চলটোত নিশা হ'লেই বন গাহৰিৰ অবাধ বিচৰণে ৰাইজৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি আনিছে । বন বিভাগৰ পৰা কোনো ধৰণৰ সঁহাৰি নেপোৱাৰ অভিযোগ

কলিয়াবৰত বন‍ গাহৰিৰ সন্ত্ৰাস

By

Published : Aug 29, 2019, 3:26 PM IST

নগাঁও, 29 আগষ্টঃ কলিয়াবৰত বন‍ গাহৰিৰ সন্ত্ৰাস ৷ পথাৰ-ঘৰ সকলোতে নিশা হ'লেই জাক পাতি গাহৰিৰ বিচৰণ ৷ শংকিতত ৰাইজ, নিৰ্লিপ্ত বন বিভাগ ৷ কলিয়াবৰৰ ধাননিত খৰাঙৰ সমান্তৰালকৈ বন‍ গাহৰিৰ সন্ত্ৰাস । কলিয়াবৰৰ দলবাৰী, পোৰভেটি, মাধতাৰি, পূৱথৰীয়া, ভলাগুৰি, শান্তিপুৰ, চামধৰা, বাঘৰচুক ভোমোৰাগুৰি অঞ্চলত বন গাহৰিৰ উপদ্ৰৱত সন্ত্ৰাসিত ৰাইজ । পূৰ্বে হাতীৰ উপদ্ৰৱে ৰাইজক হাৰাশাস্তি কৰাৰ পাচত এতিয়া বন‍ গাহৰিৰ উপদ্ৰৱ লক্ষণীয়ভাবে বৃদ্ধি পাইছে । অঞ্চলটোত নিশা হ'লেই বন গাহৰিৰ অবাধ বিচৰণেৰাইজৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি আনিছে । অথচ বন বিভাগৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই ৰাইজে ।

কলিয়াবৰত বন‍ গাহৰিৰ সন্ত্ৰাস

উল্লেখ‍্য যে, বানৰ সময়ত কলিয়াবৰৰ কেইবা ঠাইতো বন‍ গাহৰিৰ আক্ৰমণৰ ফলত বহুকেইজন লোক আহত হৈছিল । কিন্তু তাৰ পাচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৷

ABOUT THE AUTHOR

...view details