কলিয়াবৰ,17 জুলাইঃ বুধবাৰে পুৱা কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ধনেখোৱা আৰু লক্ষণাবন্ধা অঞ্চলত বনৰীয়া গাহৰিৰ আক্ৰমণত তিনিগৰাকী মহিলাসহ সাতজন লোক গুৰুতৰভাৱে আহত হয় । গাহৰিৰ আক্ৰমণত ধনেখোৱাৰ পুৰণ চাহা,ধনঞ্জয় চাহা আৰু পূৰ্ণিমা বিশ্বাস আহত হয় । ইয়াৰে পূৰ্ণিমা বিশ্বাসৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
কলিয়াবৰত বনৰীয়া গাহৰিৰ সন্ত্ৰাস,আহত সাতজনকৈ লোক - বনৰীয়া গাহৰিৰ সন্ত্ৰাস
কলিয়াবৰৰ ধনেখোৱা আৰু লক্ষণাবন্ধাত বনৰীয়া গাহৰিৰ সন্ত্ৰাস ৷ বনৰীয়া গাহৰিৰ আক্ৰমণত তিনি গৰাকী মহিলাসহ সাতজন আহত ৷ পূৰ্ণিমা বিশ্বাস নামৰ মহিলাগৰাকীৰ অৱস্থা সংকটজনক

কলিয়াবৰত বনৰীয়া গাহৰিৰ সন্ত্ৰাস, আহত সাতজনকৈ লোক
কলিয়াবৰত বনৰীয়া গাহৰিৰ সন্ত্ৰাস, আহত সাতজনকৈ লোক
আনহাতে ৰজকিনী দাস,বাবুল দাস,অনন্ত হাজৰিকা,হৰময়ন্তী বিশ্বাস নামৰ লোককেইজন লক্ষণাবন্ধাৰ বাসিন্দা। তাৰোপৰি আন বহুকেইজন লোক গাহৰিৰ আক্ৰমণত কম-বেছি পৰিমাণে আহত হয় ৷ বৰ্তমান জখলাবন্ধা চিকিৎসালয়ত আহতসকলৰ চিকিৎসা চলি আছে ৷
লগতে পঢ়কঃ হাইলাকান্দিত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজনৰ মৃত্যু