কলিয়াবৰ, 16 জানুৱাৰীঃকলিয়াবৰত বৰ্তমানো অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ জখলাবন্ধাৰ দেৱ সত্ৰত বুধবাৰে পুৱতি নিশা তিনিটা পৰিয়ালৰ বাসগৃহ, ভঁৰাল আৰু অনান্য ঘৰুৱা সামগ্ৰী ভাঙি ঠান-বান কৰে বনৰীয়া হাতীয়ে । দেৱ সত্ৰৰ নিৱাসী অতুল ভাগৱতী, কৰুণা ভাগৱতী আৰু সুমন ভাগৱতীৰ বাসগৃহত ধ্বংসলীলা চলাই বনৰীয়া হাতীৰ জাকটোৱে । বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ বিগত বছৰত বন বিভাগ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ যুটীয়া উদ্যোগত সৌৰ শক্তি চালিত "পাৱাৰ ফেঞ্চিং" স্থাপন কৰা হৈছিল ৷ কিন্তু বৰ্তমানেও বনৰীয়া হাতীৰ পৰা সম্পূৰ্ণৰূপে উপদ্ৰৱ মুক্ত হোৱা নাই কলিয়াবৰৰ বৃহৎ অঞ্চলটোৰ ৰাইজ ।
কলিয়াবৰত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ - কলিয়াবৰত অব্যাহত বনৰীয়া হাতীৰ তাণ্ডৱ
দেৱ সত্ৰৰ নিৱাসী অতুল ভাগৱতী, কৰুণা ভাগৱতী আৰু সুমন ভাগৱতীৰ বাসগৃহত ধ্বংসলীলা চলাই বনৰীয়া হাতীৰ জাকটোৱে ।
বনৰীয়া হাতীৰ তাণ্ডৱ
TAGGED:
বনৰীয়া হাতীৰ তাণ্ডৱ কলিয়াবৰ