অসম

assam

ETV Bharat / state

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ ; আতংকত উজাগৰে নিশা কটাইছে গঞা ৰাইজে - বন্যহস্তী

চামগুৰিৰ বিভিন্ন অঞ্চলত পাঁচটা বন্যহস্তীৰ এটা জাকে নিশাৰ ভাগত নিতৌ চলাই আহিছে উপদ্ৰৱ । যোৱা কেইটা দিনত চামগুৰিৰ মাজৰআটিৰ লগতে হাঁহচৰা বৰালিগাঁৱৰ পথাৰত সন্ধিয়াৰ পৰাই বন্যহস্তী কেইটাই চলাবলৈ আৰম্ভ কৰে উপদ্ৰৱ ।

wild elephants attack in samaguri nagaon
নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Oct 20, 2021, 6:34 PM IST

চামগুৰি, 20 অক্টোবৰ :নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলত পাঁচটা বন্যহস্তীৰ এটা জাকে নিশাৰ ভাগত নিতৌ চলাই আহিছে উপদ্ৰৱ । যোৱা কেইটা দিনত চামগুৰিৰ মাজৰআটিৰ লগতে হাঁহচৰা বৰালিগাঁৱৰ পথাৰত সন্ধিয়াৰ পৰাই বন্যহস্তী কেইটাই চলাবলৈ আৰম্ভ কৰে উপদ্ৰৱ । বন্যহস্তী এই জাকটোৱে গেন্ধেলিৰ এখন হাবিত আশ্ৰয় লৈ আছে বুলি জানিব পৰা গৈছে ৷

খাদ্যৰ সন্ধানত জনাঞ্চলত উপদ্ৰৱ চলোৱা এই বন্যহস্তীৰ জাকটোক লৈ অধিক আতংকিত হৈ পৰিছে মাজৰআটিৰ লগতে হাঁহচৰা বৰালিগাঁৱৰ নিবাসী সকল ৷ বিগত কেইবা বছৰৰ পৰা বন্যহস্তীয়ে উক্ত অঞ্চলটোৰ খেতি-পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে গঞা ৰাইজে ৷ ফলত কৃষি কৰ্ম কৰাৰ পৰাও বিৰত থাকিবলগীয়া হৈছে অঞ্চলটোৰ কৃষক ৰাইজে ৷

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ

উল্লেখ্যে যে, প্ৰত্যেক বছৰে ক্ষতিগ্ৰস্তৰ সন্মুখীন লোকসকলে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বন বিভাগক কেইবাবাৰো দাবী জনাইছিল ৷ কিন্তু ৰাইজৰ দাবীৰ প্ৰতি বন বিভাগৰ কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷ বন্যহস্তীৰ আক্ৰমণৰ ভয়ত উজাগৰে নিশা কটাবলগীয়া হয় অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক:চিকিৎসকৰ সমস্যা সমাধানৰ বাবে আন্দোলন : স্থবিৰ হৈ পৰিব স্বাস্থ্যসেৱা

বৰ্তমানে মাজৰআটিৰ লগতে হাঁহচৰা বৰালিগাঁৱৰ পথাৰত উপদ্ৰৱ চলাই অহা বন্যহস্তী কেইটাক কাৰ্বি পাহাৰলৈ খেদি পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক অনুৰোধ কৰিছিল ৰাইজে ৷ কিন্তু হাতী কেইটাক খেদি পঠিওৱাৰ ক্ষেত্ৰত এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে ৷ যাৰ ফলত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী গঞা ৰাইজে ৷

ইফালে, আন একাংশ লোকে সদৰী কৰা মতে, উক্ত অঞ্চলটোত হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগে সময়ে সময়ে পদক্ষেপ গ্ৰহণ কৰে যদিও অঞ্চলটোৰ পৰা হাতীৰ উপদ্ৰৱ নাইকিয়া কৰাৰ ক্ষেত্ৰত এতিয়াও সফল হ'ব পৰা নাই বন বিভাগ ৷ এনে ক্ষেত্ৰত বন বিভাগৰ ভুমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে জিলাখনৰ চামগুৰিৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক:নগাঁৱত 80 লাখ টকা মূল্যৰ হেৰ’ইন জব্দ, আটক 4 সৰৱৰাহকাৰী

ABOUT THE AUTHOR

...view details